নগাওঁ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চুড়ান্ত অৱহেলা

জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্হাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মন্য বিষয়া কৰ্মচাৰীৰ চুড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি জুৰীয়াৰ সৰহ সংখ্যক পানীযোগান আচনিয়েই পৰিত্যক্ত অৱস্হাত আছে ৷নগাওঁ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেনে এক পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনি হল জুৰীয়াৰ কলনিজলাহ গাৱঁৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷
ব্ৰহ্মপুত্ৰ নদীৰ পাৰ্শ্ব্ৱ্তী ডাইৰীয়া আৰু মেলেৰীয়া অধ্যুষিত অঞ্চল হিচাপে পৰিচিত কলনিজলাহ গাৱঁৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ নিমিত্তে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানীযোগান আচনিটো স্হাপন কৰিছিল যদিও নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত কেইটামান মাহৰ পিছৰ পৰাই বন্ধহৈ পৰে কেইবা লাখ টকা খৰচ কৰি নিৰ্মান কৰা আঁচনি খন ৷
বিভাগীয় কৰ্তৃপক্ষৰ চুড়ান্ত অবহেলা আৰু অমনোযোগিতাৰ বাবেই বিগত প্ৰায় দহ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আচনি খনৰ অতি প্ৰযোজনীয় ৱাটাৰ ফিল্টাৰ, ৱাটাৰ টেংক আদিত হাবি- জংঘলেৰে ভৰি পৰাৰ লগতে ভাঙি ছিগি গৈছে ৷আনকি দীৰ্ঘ দিনধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই আচনিখনৰ পৰা পানী যোগান ধৰা পানী পৰিবাহী পাইপ বোৰো ফাটিগৈছে ৷
বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম প্ৰতাৰণা কৰা গাঁওখনৰ ৰাইজে আইৰন যুক্ত পানী সেৱন কৰি ইতিমধ্যে বিভিন্ন বেমাৰত ভূগিবলগা হৈছে ৷ কেবল এই পানী যোগান আঁচনিয়েই নহয় জনস্বাস্থ্য কাৰিকৰি বিভাগৰ অকৰ্মন্যতাৰ বাবেই বৃহত্তৰ জুৰীয়া অঞ্চলৰ প্ৰায় কুৰিখনতকৈ অধিক আচনি বন্ধহৈ থকাত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ ৰাইজে অতি সোনকালেই এনে পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিবোৰ কাৰ্যক্ষম কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে চৰকাৰক অনুৰোধ জনাইছে ৷