সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ কোষকান্ত গোস্বামীয়ে আজি নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ । শাৰিৰীক অসুস্থতাৰ বাবে দুদিন পূৰ্বে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জিএনআৰচিত চিকিৎসা কৰাই পুনৰ নিজ বাসগৃহলৈ নিয়া হৈছিল সত্ৰাধিকাৰগৰাকীক। বিভিন সামাজিক কামৰ লগত জড়িত থকা সত্ৰাধিকাৰ গৰাকীয়ে গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পক ধৰি ৰখাৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছিল।সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সমগ্ৰ মাজুলীত এতিয়া শোকৰ ছাঁ পৰিছে ।
Begin typing your search above and press return to search.