Begin typing your search above and press return to search.

নতুন বছৰত শিলঘাট-নগাঁও-কলিকতাৰ মাজত আৰম্ভ হ'ল নতুন ৰেল সেৱা

নতুন বছৰত শিলঘাট-নগাঁও-কলিকতাৰ মাজত আৰম্ভ হল নতুন ৰেল সেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 11:45 AM GMT

নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে এক সুখবৰ।২০১৮ বৰ্ষৰ সামৰণিত অসমবাসীয়ে বগীবিল দলং লাভ কৰাৰ পাছত ২০১৯ বৰ্ষৰ প্ৰথমতে ৰাজ্যবাসীয়ে লাভ কৰিলে আন এক উপহাৰ। বছৰৰ পহিলা দিনটোতে শিলঘাট-নগাঁও-কলিকতাৰ মাজত আৰম্ভ হ'ল নতুন ৰেল সেৱা। মংগলবাৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহায়ে শিলঘাট ৰেলৱে ষ্টেচনত সেউজীয়া পতাকা জোকাৰি কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ীখন উদ্ধোধন কৰি এই নতুন যাত্ৰ উদ্ধোধন কৰে। কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ীখনে কলিকতাৰ লগত নগাঁও আৰু শিলঘাটক প্ৰত্যক্ষভাবে যোগাযোগ কৰিছে।

ৰেলখন উদ্ধোধন কৰি উদ্ধোধনী ভাষণত ৰেলমন্ত্ৰী ৰাজেন গোঁহায়ে কয় যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৰাস্তা আৰু ৰেল যোগাযোগকে সামৰি প্ৰতিটো ক্ষেত্ৰতে আগুৱাই লৈ যোৱাৰ বাবে বিশেষ আচনি গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে মংগলবাৰে ৰাতিপুৱাই পশ্চিম বংগৰ কলিকতা চহৰৰ লগত কাজিৰঙা এক্সপ্ৰেছৰ মাধ্যমেৰে নগাঁও আৰু শিলঘাট ষ্টেচনক সংযোগ কৰা হ'ল। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ দ্ৰুত উন্নয়ণ বিছাৰি বিভিন্ন আচনি ৰূপায়নৰ প্ৰতি বিশেষভাবে আলোকপাত কৰিছে বুলি ৰাজেন গোঁহায়ে কয় যে সীঘ্ৰেই সালনা ৰেল ষ্টেচনৰ পৰা গোলাঘাট জিলাৰ খুমটাইৰ মাজেৰে শিৱসাগৰলৈ আন এটি ৰেলপথ নিৰ্মান কৰা হব। গোটেই ৰাজ্যতে দ্ৰুত গতিত চলা ৰেল ব্যৱস্থা গঢ়ি তোলাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ৰাজ্যত দ্বৈত ৰেল পথ স্থাপনৰ বাবে চেষ্টা কৰি আছে। এই প্ৰকল্প কাৰ্য্যকৰী কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আৰু কেইবাখনো নতুন ৰেল দলং নিৰ্মান কৰাৰ কথা চলি আছে বুলিও গোঁহায়ে উল্লেখ কৰে।

কাজিৰঙা এক্সপ্ৰেছ ৰেলগাড়ী খনৰ শুভাৰম্ভ যাত্ৰাৰ উদ্ধোধনী অনুষ্ঠানত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য নেতা-কৰ্মচাৰী আৰু উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছিল। ৰাজেন গোহাই সমন্বিতে অন্যান্য ৰেল বিভাগৰ কৰ্মচাৰী সকলে সেইদিনা নঁগাও পৰ্য্যন্ত কাজিৰঙা এক্সপ্ৰেছ ৰেল গাড়ী খনেৰে ভ্ৰমণ কৰে। নঁগাও ৰেল ষ্টেচনত স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু দলীয় কৰ্মী সকলে গোঁহাই আৰু প্ৰতিনিধিৰ দলটোক স্বাগতম জনাই। শিলঘাটৰ পৰা নগাঁও হৈ কলিকতালৈ চলিব লগা কাজিৰঙা এক্সপ্ৰেছ ৰেল গাড়ীখন এসপ্তাহত এদিনকৈ চলিব। এই নতুন ৰেল যাত্ৰা আৰম্ভ হোৱাৰ বাবে শিলঘাট আৰু নগাঁও বাসী ৰাইজৰ আনন্দৰ সীমা নাইকীয়া হৈছে। কাজিৰঙা ৰেল গাড়ীখন চলিব আৰম্ভ কৰাৰ লগে লগেই নগাঁও জিলাবাসীৰ এটা বহুদিনীয়া আশা পূৰণ হ'ল।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি