Begin typing your search above and press return to search.

নতুন বৰ্ষত কৃষকসকলৰ কাৰণে নতুন খবৰ আনিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে

নতুন বৰ্ষত কৃষকসকলৰ কাৰণে নতুন খবৰ আনিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 10:50 AM GMT

নতুন বৰ্ষলৈ আৰু কেইটামান দিন বাকী ৷ নবৱৰ্ষৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কৃষকসকলৰ কাৰণে নতুন বাৰ্তা কঢ়িয়াই আনিব পাৰে ৷ কৃষকসকলক সকাহ দিবৰ কাৰণে মোডী চৰকাৰে কৃষকসকলৰ একাউন্টত টকা দিয়াৰ লগতে কৃষকক লোণৰ পৰা মাফ কৰি দিয়াৰ কাৰণেও চিন্তা চৰ্চা কৰিছে মোডী চৰকাৰে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বিত্ত মন্ত্ৰ্যালয়,কৃষি মন্ত্ৰ্যালয় আৰু নীতি আয়োগে কৃষকসকলক ৰেহাই দিবৰ কাৰণেও চিন্তা চৰ্চা কৰা হৈছে ৷ ইফালে মধ্যপ্ৰদেশৰ ভাৱান্তৰ আঁচনিৰ দৰে কৃষকসকলৰ ফচলৰ ন্যূনতম মূল্যৰ লগতে বিক্ৰী মুল্য যাব কৃষকসকলৰ একাউন্টত।

আনহাতে, চৰকাৰে তেলেংগনা আৰু ঝাৰখণ্ডৰ কৃষকসকলৰ খেতি কৰাৰ প্ৰাকমুহুৰ্তত বীজ সিঁচিবৰ কাৰণে বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে৷ তেলেংগনাত "ৰায়তু বন্ধু স্কীম"নামৰ এখন আঁচনিৰ জৰিয়তে কৃষকসকলক প্ৰতি একৰ ভূমিৰ কাৰণে ৪০০০ হাজাৰ টকা দিয়ে যাৰ দ্বাৰা কৃষকসকলে বীজ ক্ৰয় কৰিব পাৰে ৷ইফালে এই আঁচনি খনৰ জৰিয়তে তেলেংগনাৰ কৃষকসকল যথেষ্ট লাভৱান হয় ৷ ইয়াৰ পিছত ঝাৰখণ্ড আৰু উৰিষ্যাটো এই আঁচনিখনৰ ব্যৱস্থা কৰে। ইফালে এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি সমগ্ৰ দেশত এই আঁচনিখন ৰূপায়ন কৰিবৰ কাৰণে প্ৰায় ১ লাখ টকাৰ প্ৰয়োজন হ’ব । লগতে চৰকাৰে কৃষকসকলক কৰ ৰেহাই দিয়াৰ প্ৰসংগটো চিন্তা চৰ্চা কৰি আছি ৷ কিন্তু কৰ ৰেহাইৰ দিয়া প্ৰসংগত চৰকাৰে ধাৰণা কৰিছে যে যদিহে কৃষকসকলক কৰ ৰেহাই দিয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ লোকসভা নিৰ্বাচনত পৰিব ৷

উল্লেখ্য যে বিগত তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে শাসনাধিস্থ চৰকাৰে ৷ লগতে খেতিয়ক সকলৰ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী ফচল বীম যোজনা আদি আঁচনিসমূহত অধিক বিচাৰ বিবেচনা চৰকাৰে অব্যাহত ৰাখিছে । সেয়েহে নতুন বৰ্ষৰ প্ৰাকক্ষণত কৃষকসকলৰ প্ৰয়োজনীয় সকলো সা সুবিধাসমূহ যাতে উপলব্ধ হয় ৷তাৰেই প্ৰস্তুতি কৰিছে চৰকাৰে। উল্লেখ্য যে,ৰাজস্থান,মধ্যপ্ৰদেশ আৰু ছত্তীছগড়ত কংগ্ৰেছৰ জয়জয়কাৰ হোৱাৰ পিছত মধ্যপ্ৰদেশৰ নব নিযুক্ত মুখ্যমন্ত্ৰী কমলনাথে কৃষকসকলক কৰৰ পৰা ৰেহাই দিয়াৰ প্ৰসংগত ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কটাক্ষ কৰিছিল প্ৰধানমন্ত্ৰী মোডীক ৷ ৰাহুল গান্ধীয়ে কটাক্ষ কৰিছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এতিয়াও শুই আছে ৷ আমি তেওঁক জগাই দিম ।লগতে ৰাহুল গান্ধীয়ে কয় যে, আমি প্ৰধানমন্ত্ৰী মোডীক তেতিয়ালৈকে শুবলৈ নিদিও যেতিয়ালৈকে,প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকৰ কৰৰ ৰেহাই কৰি নিদিয়ে ৷ আমি সকলোবোৰ বিৰোধী দল একেলগ হৈ কৰ ৰেহাইৰ দাবী কৰিম৷

অন্যহাতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে কমলনাথে শপত লৈয়ে মধ্যপ্ৰদেশৰ কৃষকসকলৰ কৰসমূহ ৰেহাই দিয়া কথাত, কৃষকসকলে স্বত্তিৰ নিশ্বাস পেলাইছিল। ইফালে বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ পত্ৰিকাত জনসাধাৰণক যি আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ ভিতৰত,কৃষকসকলৰ কৰ ৰেহাই কৰি দিয়াও অন্যতম আছিল ৷ লগে লগে কৃষকসকল প্ৰায় ২ লাখ টকা পৰ্যন্ত কৰৰ পৰা উদ্ধাৰ হ’ল ।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ এই সিদ্ধান্তত প্ৰায় ৩০ লাখ কৃষক উপকৃত হৈছে ৷

ইফালে,প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলৰ কৰ ৰেহাই দিয়াৰ প্ৰসংগত কৈছিল যে,তেওঁ আশা কৰিছে যে,অনাগত ১০ দিনৰ ভিতৰত কংগ্ৰেছ চৰকাৰে কৃষকসকলৰ কৰ ৰেহাই কৰি দিব ৷ কিন্তু মুখ্যমন্ত্ৰী পদত অধিস্থিত হৈয়ে কমলনাথে লোৱা এই সিদ্ধান্তত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ ইয়াৰোপৰি,মধ্যপ্ৰদেশৰ চৰকাৰে লৈছিল অন্য দুটা সিদ্ধান্ত ৷ কৃষকৰ কৰ ৰেহাই কৰি দিয়াৰ উপৰিও মধ্যপ্ৰদেশ মুখ্যমন্ত্ৰী কন্যাদান আঁচনিৰ ধন ২৮ হাজাৰৰ পৰা ৫১ হাজাৰলৈ বৃদ্ধি কৰি দিয়ে ৷ অন্য এটা সিদ্ধান্ত এয়ে যে,মধ্যপ্ৰদেশৰ উদ্যোগসমূহৰ মালিকে তেতিয়াহে চাবচিডী পাব,যেতিয়া তেওঁলোকে স্থানীয়লোক সকলক সেই উদ্যোগসমূহত সংস্থাপন দিব ৷ সম্প্ৰতি চৰকাৰৰ কৃষকসকলৰ প্ৰতি কৰা নতুন চিন্তা চৰ্চাৰ পিছতে নতুন বৰ্ষত এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি