নবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ প্ৰসিদ্ধ লেখক ভি এছ নাইপলে লণ্ডনৰ নিজা বাসগৃহত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। নাইপলৰ পত্নী লেডী নাডিৰা নাইপলে তেওঁৰ স্বামীৰ অতি শান্তিপূৰ্ণ ভাৱে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে। ভাৰতীয় বংশোদ্ভৱৰ ভি এছ নাইপলৰ সম্পূৰ্ণ নাম বিদ্যাধৰ সুৰজ প্ৰসাদ নাইপল।১৯৩২ চনৰ ১৭ আগষ্টত ত্রিনিদাদত এটা ভাৰতীয় মূলৰ হিন্দু পৰিয়ালত তেওঁৰ জন্ম হৈছিল।অতি মেধাসম্পন্ন ছাত্ৰ নাইপলে জলপানি লাভ কৰি বিশ্ববিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ অধ্যয়ন কৰিবলৈ সুবিধা লাভ কৰিছিল।নাইপলে হৈছে সাহিত্যৰ নবেল বঁটা আৰু বুকাৰ পুৰস্কাৰ পোৱা প্ৰথমজন ভাৰতীয় মূলৰ লেখক।২০০১ চনত বিশ্ব সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভি এছ নাইপলক সাহিত্যত ন’বেল বঁটাৰে সন্মানিত কৰা হয়।নাইপলে ৩০ খন বিশ্ব বিখ্যাত গ্ৰন্থ ৰচনাৰে বিশ্বৰ সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।এই মহান লেখক জনৰ মৃত্যুত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে।
Begin typing your search above and press return to search.