Begin typing your search above and press return to search.

"নমস্তে ইংলেণ্ড"ৰ ট্ৰেইলাৰ২ : সুন্দৰ ভিডিঅ'টি উপভোগ কৰক

নমস্তে ইংলেণ্ডৰ ট্ৰেইলাৰ২ : সুন্দৰ ভিডিঅটি উপভোগ কৰক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2018 9:24 AM GMT

অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিনীতি চোপ্ৰাৰ নতুনকৈ আহিবলগীয়া "নমস্তে ইংলেণ্ড" ছবিৰ বাবে তেওঁলোকৰ অনুৰাগী সকলে অধীৰ আশাৰে বাট চায় আছে ।২০০৭ত মুক্তি পোৱা ৰোমাণ্টিক ছবি খনৰ প্ৰথম খণ্ডটিত অভিনয় কৰিছিল বলীউদৰ অন্যতক অভিনেতা অক্ষয় কুমাৰ আৰু বলীউদ ডিভা তথা মোহময়ী কেটৰিনা কাঈফে আৰু বৰ্তমান তথা দ্বিতীয় খনত দেখা পোৱা যাব অৰ্জুন আৰু পৰিনিতী চোপ্ৰাক । বৰ্তমান সময়ত অৰ্জুন আৰু পৰীনিতী বিভিন্ন চহৰ আৰু ৰিয়েলিটী অনুষ্ঠান সমূহত ব্যস্ত আছে ছবি খনৰ প্ৰমোচনৰ বাবে ।

ছবি খন মুক্তিৰ বাবে মাজত কেইটামান দিন বাকী মাথো আৰু এই সময়তে ছবি খনৰ সংগীত,ট্ৰেইলাৰ সমূহে দৰ্শক তথা অনুৰাগী সকলৰ মন সাঁচ বহুওৱাবলৈ সক্ষম হৈছে লগতে মুক্তিলৈ মাজত কেইটামান দিন থাকোতে ছবি খনৰ দ্বিতীয়টো ট্ৰেইলাৰ মুকলি হোৱাত দৰ্শক সকলৰ মন আৰু উৎফুল্লিত হৈ উঠা দেখা গৈছে ।

https://www.youtube.com/watch?v=nhS-qIqxhAU

এইখন ছবিৰ জৰিয়তে পৰীনিতি আৰু অৰ্জুনক পুনৰ একেলগে দেখা পোৱা যাব । 'ইস্ককজাদে' ছবি খনত এই দুয়োগৰাকী তাৰকাক একেলগে দেখা পোৱাৰ পিছতে ৬ বছৰৰ অন্তত পুনৰ একেলগে দেখা পোৱা যাব চলিত মাহৰ ১৭ অক্টোবৰত মুক্তি পাব লগা 'নমস্তে ইংলেণ্ড'ত ।

ইয়াৰোপৰি,এই দুগৰাকী তাৰকাক আন এটা প্ৰজেক্টৰ বাবেও ইতিমধ্যে বান্ধি লোৱা হৈছে । সন্দিপ আৰু পিংকি ফাৰাৰ আৰু দিবাকৰ বেনাৰ্জীৰ নিৰ্দেশন কাম কৰিব অৰ্জুন আৰু পৰীনিতিক ।জানিব পৰা মতে এইখন ছবি মুক্তি পাব ২০১৯ত ।

Next Story
চাকৰি