Begin typing your search above and press return to search.

নলবাৰীত কৰ বিভাগৰ তালাচী অভিযান

নলবাৰীত কৰ বিভাগৰ তালাচী অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 9:26 AM GMT

ৰাজ্যত কৰ ফাকিৰে একাংশ ব্যৱসায়িয়ে চলাইছে ৰমৰমীয়া ব্যৱসায় । কৰ ফাকিৰ যেন চলিছে অঘোষিত প্ৰতিযোগিতা । নলবাৰীৰ ধমধমা বাছষ্টেণ্ডত থকা এ বি টিম্বাৰ্চ নামৰ এখন কাঠৰ দোকানত কৰ বিভাগৰ তালাচী অভিযান ।

কেইবাঠাইটো গুদাম থকা এই খন কাঠৰ দোকানত এইদৰে হঠাতে গুৱাহাটীৰ পৰা অহা কৰ বিভাগৰ বিষয়াই তালাচী চলোৱাত বিশেষ ইঙ্গিত বহন কৰিছে । সংবাদ মাধ্যমৰ পৰা সম্পুৰ্ণ ৰূপে আঁতৰি থকা এই কৰ বিভাগৰ বিষয়াৰ দলে তদন্তৰ সময়ত আনকি পোনতে আৰক্ষীৰো সহায় লোৱা নাছিল । অবশ্যে পিছত ঘটনা স্থলিত উপস্থিত হয় আৰক্ষী ।

কিন্তু কৰ বিভাগৰ বিষয়া সকলে সকলো কথা অন্ধকাৰত ৰাখি এইদৰে অভিযান চলাই আঁতৰি গল। প্ৰায় চাৰি ঘন্টা ধৰি চলোৱা অভিযান কালত কিছু নথি পত্ৰ জব্দ কৰি লৈ যোৱা বুলি গম পোৱা গৈছে যদিও দোকান খন চীল নকৰাকৈয়ে আঁতৰিল কৰ বিভাগৰ দল । ইপিনে নলবাৰী চহৰত এইদৰে বহু কেইজন ব্যৱসায়ীয়ে কৰ ফাঁকি দি ব্যৱসায় কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

Next Story
চাকৰি