নলবাৰী জিলাৰ টিহুত সংঘটিত হয় এক জঘন্য ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । পাঁচ টাকৈ লম্পটৰ বিৰুদ্ধে এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । মহিলাগৰাকীয়ে বজাৰলৈ যোৱাৰ সময়তে সংঘটিত কৰে এই জঘন্য ঘটনা । অভিযোগ অনুসৰি টিহুৰ নাথকুছিৰ পৰা যুৱক কেইজনে বজাৰলৈ যোৱা মহিলাগৰাকীক এখন এল্ট’ত উঠাই লৈ গৈছিল । তাৰপাছত ধৰ্ষণ কৰি মহিলাগৰাকীৰ হাত-ভৰি বান্ধি কৰ্কাবাৰীৰ হাবিত পেলাই থৈ যায় ।
ঘটনাৰ সৈতে জড়িত ৫জন লম্পট ক্ৰমে- নুৰুল আলী, বকুল নাথ, কিশোৰমোহন দাস, ৰূপধন আলী আৰু মেৰাজুল আলী । ইয়াৰে নুৰুল আলী, বকুল নাথক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানলৈকে পলাতক আন ৩ জন লোক । ইতিমধ্যে আৰক্ষীয়ে অপৰাধী কেইটাক জেৰা অব্যাহত ৰখাৰ লগতে বাকী কেইটা অপৰাধীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।