নাও দুৰ্ঘটনাত মৃত্যু হোৱা দুই ছাত্ৰীৰ ঘৰত হিমন্ত বিশ্ব শৰ্মা

নাও দুৰ্ঘটনাত মৃত্যু হোৱা দুই ছাত্ৰীৰ ঘৰত হিমন্ত বিশ্ব শৰ্মা
Published on

ব্ৰহ্মপুত্ৰত বুকুত সংঘটিত হোৱা নাও দুৰ্ঘটনাত মৃত্যু হোৱা দুই ছাত্ৰীৰ ঘৰত উপস্থিত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । এক অতি শোকাকুল পৰিবেশৰ মাজত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।জল পথেৰে যাতায়ত কৰা লোক সকলৰ সুবিধাৰ বাবে দুই এদিনৰ ভিতৰতে তিনিখন সৰু জাহাজৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰ’ৰ’ সেৱা আৰম্ভ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে লগতে নিহত দুই ছাত্ৰীৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com