
নাগালেণ্ডত অসমৰ এজন ঠিকাদাৰক হত্যা কৰা ঘটনা পোহৰলৈ আহিলত সমগ্ৰ ৰাজ্য খনতে চাঞ্চল্য সৃষ্টি হৈছে।নাগালেণ্ডৰ জুনহেবট অঞ্চলত হত্যা কৰা খালেক উদ্দিন নামৰ লোক জনৰ ঘৰ কৰিমগঞ্জ জিলাৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত নয়াগ্ৰাম গাঁওত বুলি জানিব পৰা গৈছে।যোৱা ১৫ আগষ্টৰ নিশাৰ পৰা নিজৰ বাগৃহৰ পৰা নিৰুদ্দিষ্ট আছিল ঠিকাদাৰ গৰাকী। শুকুৰবাৰে নিজৰ ঘৰৰ পৰা মাত্ৰ দুশ মিটাৰ দুৰত থকা এখন জংঘলৰ পৰা উদ্ধাৰ হৈছে ব্যক্তিজনৰ মৃতদেহ।খালেক উদ্দিন নাগালেণ্ড চৰকাৰৰ নিৰ্মান কামৰ ঠিকাদাৰ হিচাপে কৰ্মৰত হৈ আছিল।কিহৰ কাৰনে খালেক উদ্দিনক হত্যা কৰা হল সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত।আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰোত্তৰৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।