Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা সদৌ মৰান ছাত্ৰ সন্থাৰ

নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা সদৌ মৰান ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2019 8:38 AM GMT

সদৌ মৰান ছাত্ৰ সন্থা য়ে নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনি বিধেয়ক খন কোনো কাৰণতে গৃহীত হবলৈ নিদিয়ে আৰু চৰকাৰৰ এনে পদক্ষেপকো সমালোচনা কৰে ছাত্ৰ সংগঠনটোয়ে ।

মংগলবাৰে সংবাদমেল সম্বোধন কৰি সদৌ মৰান ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰান আৰু সাধাৰণ সম্পাদক নব মৰানে প্ৰকাশ কৰে যে মৰান ছাত্ৰ সন্থা য়ে দিল্লী আৰু দিছপুৰৰ নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ সন্দৰ্ভত প্ৰত্যেকটো খোজতে নজৰ ৰাখিছে বুলি প্ৰকাশ কৰে ।

লগতে কয় যে মৰান জনগোষ্ঠীক জনজাতি কৰনৰ মৰ্য্যদা দিয়াৰ লগতে অৰুণাচল প্ৰদেশত থকা মৰান লোকসকলক পি আৰ চি প্ৰদান কৰা আদি দাবী উত্থাপন কৰে । অতি দুখজনক কথা যে সকলো ৰাজনৈতিক দলে আমাৰ সমস্যা সমুহক লৈ ৰাজনীতি কৰি আহিছে কিন্তু সমাধানৰ বাবে কোনো ব্যবস্থা লোৱা নাই বুলি প্ৰকাশ কৰে অৰুণজ্যোতি মৰানে ।

নব মৰানে কংগ্ৰেছ আৰু অগপক জনগোষ্ঠী সকলক অবহেলাৰ অভিযোগ উত্থাপন কৰিছে । কংগ্ৰেছেৰ অবহেলা পাহৰা নাই বুলি প্ৰকাশ কৰাৰ লগতে অগপয়ে ক্ষমতা লৈ আহি কৰা অবহেলা অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে।

২৯ মাৰ্চত ছাত্ৰ সন্থাৰ এক বৈঠকত মিলিত হয় । তেওঁলোকৰ দাবী সমুহ পুৰন নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি