Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনি বিধেয়কৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিত অটল থাকিব কংগ্ৰেছ: ৰিপুণ বৰা

নাগৰিকত্ব সংশোধনি বিধেয়কৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিত অটল থাকিব কংগ্ৰেছ: ৰিপুণ বৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 11:48 AM GMT

আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰে ।সংবাদমেলত ৰিপুণ বৰাৰ লগতে ভূমিধৰ বৰ্মন আৰু শৰৎ বৰকটকী উপস্থিত থাকে । এই সংবাদমেলতে নাগৰিকত্ব সংশোধনি বিধেয়কৰ খন বিৰোধিতা কৰি কংগ্ৰেছে পূৰ্বৰ স্থিতিত অটল থাকিব বুলি প্ৰকাশ কৰে সভাপতি ৰিপুণ বৰায়ে ।

লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ চৰম পৰাজয়ৰ পাছত আজি সংবাদমেলত ৰিপুণ বৰায়ে কয় যে, "আমাৰ শোচনীয় পৰাজয় ৰাইজৰ ৰায় বুলি মানি লৈছো। " কংগ্ৰেছে যিমান আশা কৰিছিল তাতকৈ কম আসন পালো বুলি প্ৰকাশ কৰাৰ লগতে ইমান জটিল পৰিস্থিতিৰ পাছতো অসমৰ ৰাইজৰ পৰা বিপুল সহাৰি পোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৰিপুণ বৰায়ে ।

অসমৰ ১৪ জন কংগ্ৰেছ প্ৰাৰ্থীক ধন্যবাদ জনোৱাৰ লগতে ৩ জন জয়ী প্ৰাৰ্থীকো ধন্যবাদ জ্ঞাপন কৰে সভাপতি গৰাকীয়ে ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ তুলনাত এইবাৰ ভোট যথেষ্ট বাঢ়িছে বুলি প্ৰকাশ কৰে। লগতে বিজেপিৰ আগতকৈ জনপ্ৰিয়তা কমিছে আৰু কংগ্ৰেছৰ জনপ্ৰিয়তা বাঢ়িছে বুলি কয়।

কেন্দ্ৰত আৰু ৰাজ্যতো বিজেপি চৰকাৰ থকাৰ পাছতো কংগ্ৰেছে তিনিখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে । কংগ্ৰেছে নগাঁও, বৰপেটা আৰু কলিয়াবৰত জয় হবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ৰিপুণ বৰায়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি