
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি । মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত শুক্ৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কৃষক নেতা অখিল গগৈৰ মন্তব্য অসম গণ পৰিষদৰ হাতত নিৰাপদ নহয় অসমীয়া জাতি । স্বাস্থ্য বিভাগৰ বিয়াগোম কেলেংকাৰীৰ আৰু ঔষধ কেলেংকাৰীৰো উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৃষক নেতাগৰাকীৰ । লগতে নেতা গৰাকীৰ আহ্বান জাতিৰ সুৰক্ষাৰ স্বাৰ্থত বিজেপিৰ সৈতে বিপিএফ আৰু অগপই মিত্ৰতা ভংগ কৰক । গাদীৰ স্বাৰ্থতে মুখ্যমন্ত্ৰী সোণোৱালে মুখ নোখোলে বুলিও মন্তব্যও কৰে নেতাগৰাকীয়ে ।