Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ "অৱস্থান ধৰ্মঘট"

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2019 1:10 PM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে সম্প্ৰতি সৰ্বত্ৰে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে ।তেনে সময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ভূপেন বৰুৱা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদৰ আঁত ধৰি গুৱাহাটী দীঘলী পুখুৰী পাৰত ৩ ঘণ্টীয়া "অৱস্থান ধৰ্মঘট" কাৰ্য্যসূচী ৰূপায়ন কৰে। প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ক বাতিলৰ দাবীত চৰকাৰে প্ৰেৰণ কৰা যুটীয়া সংসদীয় সমিতি (JPC) সৈতে সাক্ষাৎ গ্ৰহণত সদৌ অসম কৰ্মচাৰী পৰিষদে স্মাৰক পত্ৰ প্ৰদান কৰে কিন্তু তেওঁলোকে আকৌ অহাৰ প্ৰতিশ্ৰতি দি দিল্লীলৈ যি গ’ল আৰু ঘূৰি নাহিল।

তেওঁলোকৰ দাবী এই বিধেয়কে যে কেৱল অসম চুক্তিক উলংঘা কৰিব তেনে নহয়, বৰঞ্চ ই অসমীয়া ভাষা কৃষ্টি-সংস্কৃতি বিলুপ্ত কৰি অসমীয়া মানুহক ত্ৰিপুৰী সকলৰ অৱস্থালৈ পৰিৱৰ্তন কৰিব। ইফালে, সদৌ অসম কৰ্মচাৰী পৰিষদৰ তত্বাৱধানত প্ৰতিখন জিলাৰ সদৰ ঠাইত জিলাধিপতি/মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনিঘন্টীয়া কাৰ্য্যসূচী ৰূপায়ন কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ক বাতিলৰ দাবীত চৰকাৰলৈ হুংকাৰ জনাই সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰত্যাহ্বান যে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নোৱাৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি