Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতীয় সাৰ্বভৌমতাৰ ওপৰত বিপদ মাতি আনিছে :পৰমানন্দ ৰাজবংশী

নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতীয় সাৰ্বভৌমতাৰ ওপৰত বিপদ মাতি আনিছে :পৰমানন্দ ৰাজবংশী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2019 8:40 AM GMT

"ভাৰতীয় গণতন্ত্ৰৰ মুখ্য উদ্দেশ্য সাৰ্বভৌম, ধৰ্মনিষ্ঠ, নিৰপেক্ষতাবাদৰ ওপৰত গুৰুত্বপূৰ্ণ শক্তি প্ৰয়োগ কৰা। কিন্তু বিজেপি মিত্ৰজোঁট চৰকাৰখনে কেন্দ্ৰৰ লগত দুৰ্ভাগ্যবশত নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ চেষ্টা কৰিছে" ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি ড০ পৰমানন্দ ৰাজবংশী মন্তব্য কৰে।

অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ ভাষণত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে ভাৰতীয় সাৰ্বভৌমতাৰ ওপৰত বিপদ মাতি আনিছে লগতে চৰকাৰখনে অসমৰ খিলঞ্জীয়া লোকসকলক স্তম্ভিত কৰি তুলিছে। সেয়েহে ৰহাৰ অসম সাহিত্য সভাই বৃহত্তৰ অসমীয়া সম্প্ৰ্দায়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব।

"আমাৰ ধৰ্মীয় গুৰু শ্ৰীমন্ত শংকৰদেৱে ৫০০ বছৰৰ পূৰ্বেই বৃহত্তৰ অসমীয়া জাতীয়তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন জাতি, সম্প্ৰ্দায় আৰু ধৰ্মক একতাৰে বান্ধি থৈ গৈছে আৰু তাৰেই প্ৰতিফলন জোঙাল বলহু সমন্বয় ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে" অসম সাহিত্য সভাৰ ১০ সংখ্যক ৰহা বাৰ্ষিক অধিৱেশন উদ্ধোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই এই ব্যক্ত দাঙি ধৰে।

ঢাকাৰ বিশিষ্ট শিক্ষাবিদ ড০ লিয়াকট আলি অসম সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকে। বাংলাদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰি তেওঁ কয় যে অসম সাহিত্য সভাৰ এই সাহিত্য আৰু সংস্কৃতি পৃথিৱীৰ খুৱ কম সংখ্যক ঠাইত হে কথমপি দেখিবলৈ পোৱা যায়। অসম আৰু বাংলাদেশৰ মাজত এটা শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ জাতি, ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰিছে। বিদেশী নাগৰিকক অসমলৈ আনি ভোট বেংকৰ ৰাজনীতি নকৰিবলৈ চৰকাৰক সকিয়নী দিয়ে।

অধিক জানিবৰ বাবে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বিৰোধিতা অসম সাহিত্য সভা আৰু জাতি জনগোষ্ঠীয় সাহিত্য সভাৰ

Next Story
চাকৰি