নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শনিবাৰে নতুন দিল্লীলৈ ৰাওনা হব অসম গণ পৰিষদৰ এটি সঁজাতি দল । বিধেয়ক খনৰ বিৰোধিতাৰে জনমত গঠন কৰাৰ প্ৰচেষ্টাত দিল্লীলৈ ৰাওনা হোৱা অগপৰ দলটোৱে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিজন বিষয়ববীয়া আৰু সদস্যক পৃথকে পৃথকে সাক্ষাৎ কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰোধিতাৰে দিল্লীত উপস্থিত হবলগীয়া দলটোত আছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত , প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত লগতে দলটোৰ বহু নেতা কৰ্মী । নাগৰিকত্ব সংশোধনী বিধেয়ক খনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ প্ৰতি আনিব পৰা ভয়াৱহতাৰ সম্পৰ্কে অৱগত কৰিব সংসদীয় সমিতিক ।
Begin typing your search above and press return to search.