নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) বাতিলৰ বিৰুদ্ধে বিক্ষোভ এন আৰ চিত বাংলাদেশীৰ নাম সোমোৱাৰ এক ষড়যন্ত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬) বাতিলৰ বিৰুদ্ধে বিক্ষোভ এন আৰ চিত বাংলাদেশীৰ নাম সোমোৱাৰ এক ষড়যন্ত্ৰ
Published on

অব্যাহত আছে ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীক ৰাজনীতিৰ। শাসনাধিষ্ঠ বিজেপিয়ে বুধবাৰে ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)ৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে গঢ়ি তোলা আন্দোলনক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়ন প্ৰক্ৰিয়াৰ পৰা সাধাৰণ নাগৰিকক বিপথে পৰিছালিত কৰাৰ বাবে চলোৱা এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে।এই ষড়যন্ত্ৰৰ দ্বাৰা অবৈধ বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিকত্ব পঞ্জীত অন্তৰ্ভূক্ত কৰাৰ চেষ্টা কৰা হৈছে বুলি বিজেপিয়ে অভিযোগ কৰে।

ৰাজ্যিক বিজেপিয়ে তীক্ষ্ণ ভাষাৰে প্ৰকাশ কৰা এক সূচনাৰ দ্বাৰা কয় যে যি সময়ত অসমৰ বিভিন্ন জাতীয় দল, সংগঠন, খিলঞ্জীয়া গোটে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত প্ৰত্যক্ষ ভূমিকা পালন কৰি অবৈধ

বাংলাদেশীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱাত বাধা প্ৰদান কৰিব লাগিছিল সেই সময়ত এনে দল, সংগঠন সমূহৰ আন্দোলন নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবেহে হৈছে। বিজেপিয়ে কয় যে বাংলাদেশী মুছলমান সকলে এই অবস্থাৰ সুযোগ গ্ৰহণ কৰিব আৰু নিজৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্তিৰ চেষ্টা কৰিব। শাসনাধিষ্ঠ বিজেপি চৰকাৰে এখন বাংলাদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমৰ খিলঞ্জীয়া জনসাধৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)ৰ বিৰোধিতা কৰি থকাতকৈ এখন শুদ্ধ আৰু বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰাতহে সহযোগিতা কৰাৰ অধিক প্ৰয়োজন বুলি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com