Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ দাবীত "ধিক্কাৰ দিৱস" পালন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ দাবীত ধিক্কাৰ দিৱস পালন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2019 9:45 AM GMT

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক গৃহীত কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ জনসভাত দিয়া মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ বিধেয়ক খন বাতিলৰ দাবীত অহা ৭ জানুৱাৰীত সমগ্ৰ অসমত "ধিক্কাৰ দিৱস" হিছাপে পালন কৰিব ৷ লগতে ৰাজ্যৰ সমূহ জনগণকে এই পদক্ষেপত ভাগ ল’বলৈ আহ্বান জনাই ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত নাগৰিকত্ব সংশোধনী বিধেয়ক ফ’ৰামৰ আহ্বায়ক হৰেকৃষ্ণ ডেকাই কয় যে ঐতিহাসিক অসম চুক্তি আৰু ভাৰতৰ সংবিধানৰ মৌলিক উপাদান উলংঘন কৰা বিধেয়কখনৰ কাৰণেই ৭ জানুৱাৰীত প্ৰতিবাদ কৰা হ’ব ৷

ইফালে শুক্ৰবাৰে আয়োজন কৰা শিলচৰৰ জনসভাত প্ৰধানমন্ত্ৰী মোডীৰ নাগৰিকত্ব সংশোধনী বিধীয়কখনৰ সন্দৰ্ভত দিয়া মন্তব্যৰ পিছতেই "ধিক্কাৰ দিৱস" পালন কৰাৰ সিদ্ধান্ত লয় ৷ যাৰ কাৰণে ৭ জানুৱাৰীত দীঘলীপুখুৰীত প্ৰতিবাদ হিছাপে ক’লা পতাকা উৰুৱাব ফ’ৰামে ৷ অন্যহাতে শনিবাৰে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অন্যান্য ৭০ টা আদিবাসী সংগঠনে "কৰিম নহলে মৰিম" শ্ল’গানেৰে সংযুক্ত আন্দোলন কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ কাৰ্যালয়ত প্ৰবেশ কৰিবৰ চেষ্টা কৰে ৷

কিন্তু ৭০ টা আদিবাসী সংগঠনক আছু আৰু অসম গণ পৰিষদৰ কাৰ্যালয়ত প্ৰবেশ কৰাত বাধা প্ৰদান কৰে প্ৰশাসনে ৷ ইয়াৰ পিছত প্ৰতিবাদকাৰী সকলে বিধেয়কখনৰ সন্দৰ্ভত পথত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে শনিবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন বাতিলৰ দাবীত গৌৰী সদনত অসম নাগৰিক সন্থাৰ দ্বাৰা আয়োজিত নাগৰিক বৈঠকত যথেষ্ট গণ্য মান্য ব্যক্তি উপস্থিত আছিল ৷ এই বৈঠকত সকলোৱে বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সংকল্প লয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story