Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jan 2019 7:00 AM GMT

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিধেয়ক খনক লৈ প্ৰতিক্ৰয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোম্বামীয়ে ৷নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে মই অসমৰ লোকসকলক মোৰ মনৰ কথা ক’বলৈ বিছাৰোঁ ৷অসমত বিধেয়কখনকলৈ বিগত দিনত যি পৰিস্থিতিৰ সৃষ্টি হৈছে ৷সেই পৰিস্থিতিয়ে মোক চুই গৈছে। কিন্তু সাংবিধানিক এটা পদত থাকি মোৰ ব্যক্তিগত ইচ্ছা তথা আশা আকাংক্ষাৰ বাহিৰে দেশৰ প্ৰতিষ্ঠানিক সিদ্ধান্তৰ প্ৰতি মই শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ বাধ্য।

আইন অনুসৰি বিধান সভাৰ অধ্যক্ষ হিচাপে মোৰ ওচৰত কোনো এক আইন প্ৰনয়ন কৰাৰ সময়ত কোনো প্ৰতিকূল মতামত প্ৰকাশ কৰাৰ অৱকাশ নাই। লগতে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে, তথাপিও বিধেয়ক খনৰ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিৰ মতামতক শ্ৰদ্ধা সহকাৰে ল’ব ৷ অসমৰ ৰাইজক আশ্বস্ত নকৰাকৈ খৰখেদা পদক্ষেপে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত কৰাৰ ফলত যি অস্থিৰতাৰ বৰ্তমানে সৃষ্টি হৈছে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে ৷ অসম চুক্তিৰ কথা উল্লেখ কৰি হীতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে,মই আশা কৰিছোঁ যে,ঐতিহাসিক অসম চুক্তিৰ আধাৰত খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি