নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে জেপিচিৰ অধ্যক্ষক সাক্ষাৎ অগপৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে জেপিচিৰ অধ্যক্ষক সাক্ষাৎ অগপৰ
Published on

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে দিল্লীলৈ যোৱা অগপৰ এটা দলে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালক মীৰাটৰ বাসভৱনত সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে এখন স্মাৰক প্ৰদান কৰে।

অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ তথা ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাই সজাঁতি দলটোৱে।

অধ্যক্ষ জনক সাক্ষাৎ কালত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত থাকে।

সাক্ষাৎৰ পিছত সভাপতি অতুল বৰাই কয় যে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰিছো আৰু আমি কোনোপধ্যেই বিজেপি চৰকাৰক বিধেয়ক খন গৃহীত কৰিবলৈ দিয়া নহব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com