Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ই অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব: হিমন্ত বিশ্ব শৰ্মা

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ই অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব: হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jan 2019 8:12 AM GMT

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰাৰ বাবে অশান্ত হৈ থকাৰ সময়তে পুনৰ বাৰ ভাৰতীয় জনতা পাৰ্টিৰ হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখন সম্বন্ধে বিতৰ্কিত মন্তব্য আগবঢ়াইছে। নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ই অসমক দ্বিতীয় কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব, এই মন্তব্য কৰিছে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। "নাগৰিকত্ব সংশোধনী বিধেয়কে হিন্দু লোক সকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰিব আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিব। যদিহে আমি এই বিধেয়কখন সমৰ্থন নকৰো ২০২১ ত বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হব" শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন চেমিনাৰত এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ ৰাজনৈতিক দল আৰু অন্য কিছুমান দল সংগঠনে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰসংগ উত্থাপন কৰিছে বুলি শৰ্মাই উল্লেখ কৰি কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক কৰি অহা বঞ্চনাৰ বাবে সমালোচনা কৰে। শৰ্মাই কংগ্ৰেছক প্ৰশ্ন কৰি কয় যে কংগ্ৰেছে ৬৫ বছৰ ধৰি শাসনত থকাৰ পিছত উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বাবে কি বিশেষ কাম কৰিলে? ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চুক্তি ৰূপায়ণ আৰু অসমৰ ছয় জনগোষ্ঠীক এচটি মৰ্য্যদা প্ৰদান কৰা বাবে যথেষ্ট কষ্ট কৰি আছে। আমাৰ চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰি আহিছে বুলি মন্ত্ৰী জনে কয়। উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় জনতা পাৰ্টি অপৰাজেয় শক্তিত পৰিণত হৈছে বুলি হিমন্তই মন্তব্য কৰিছে।

উত্তৰ-পূৱ গণতান্ত্ৰিক জোট চমুকৈ নেডা এক ৰামধেনু সদৃশ ক্ষেত্ৰ। নেডাই এনডিএৰ সহযোগি হিচাপে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি আহিছে। নেডাৰ সমন্বয়ক হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে। শৰ্মাই আকৌ কয় যে বৰ্তমানৰ চৰকাৰখনে গুৱাহাটীক দক্ষিণ এচিয়াৰ ভিতৰত এখন শ্ৰেষ্ঠ বজাৰ হিচাপে গঢ়ি তুলিব বিছাৰিছে। পূৱলৈ চোৱা নীতিৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত সাগৰ সদৃশ পৰিবৰ্তন হব বুলিও অসমৰ বিত্তমন্ত্ৰী জনে মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Next Story
চাকৰি