Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপ সদৌ অসম ছাত্ৰ সন্থাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে টেলিফোনিক বাৰ্তালাপ সদৌ অসম ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2019 7:29 AM GMT

সদৌ অসম ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ এই সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ (AASU) উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত এক টেলিফোনিক বাৰ্তালাপত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সম্পৰ্কে আলোচনা কৰে । ইয়াৰ পূৰ্বে ৰাজনাথ সিঙে মন্তব্য কৰিছিল যে কেন্দ্ৰই ৰাজ্যৰ ছাত্ৰ সংগঠনৰ লগত বিধেয়কখনৰ সন্দৰ্ভত আলোচনা কৰিব । ইফালে আছু উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, বিধেয়কখন প্ৰত্যাহাৰ কৰিব লাগে৷ অসমত বিদেশী চিনাক্ত কৰিবলৈ অসম চুক্তিৰ ১৯৭১ চনৰ ২৪ মাৰ্চ অনুযায়ী হ’ব লাগে৷ এই মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্যৰ ৷

ইফালে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শুক্ৰবাৰে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে আছু আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগত হোৱা বাৰ্তালাপৰ বিষয়ে অৱগত কৰিব ৷ লগতে, ৰাজ্যৰ অন্যান্য দল সংগঠনৰ দৰে North East Students Organisation(NESO)ও সম্প্ৰতি বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ লগতে যেতিয়ালৈকে এই বিতৰ্কিত বিধেয়কখন বাতিল নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব ৷ উল্লেখ্য যে বিভিন্ন দল সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত প্ৰতিবাদ কৰাৰ মাজতে বিগত ৮ জানুৱাৰী লোকসভাত বিধেয়কখন গৃহীত কৰিলে ৷

ইফালে ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যসভাটো বিধেয়কখন চৰকাৰে গৃহীত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে দল সংগঠনে ৷ উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সকলৰ ভাষ্য অনুসৰি, যদিহে বিতৰ্কিত বিধেয়ক গৃহীত হৈ যায়,তেন্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ কোনো অস্তিত্বই নাথাকিব ৷লগতে অসম চুক্তিও উলংঘন হ’ব । অন্যহাতে ,বিধেয়ক খনৰ বিৰুদ্ধে আন্দোলনৰ সন্দৰ্ভত মন্তব্য কৰি আছুৰ নেতাসকলে কয় যে বিধেয়ক খনৰ প্ৰত্যাহাৰ কৰাৰ দাবীৰে আছুৰ লগতে অন্যান্য ৩০ টা জাতীয় সংগঠনে ২৩ জানুৱাৰীত গুৱাহাটীত "খিলঞ্জীয়াৰ বজ্ৰ নিনাদ" নামেৰে এক বিশাল সমদল বাহিৰ কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি