Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজনাথ সিঙক সাক্ষাৎ মিজোৰাম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজনাথ সিঙক সাক্ষাৎ মিজোৰাম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2019 9:19 AM GMT

সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি থকাৰ সময়তে বিধেয়ক খনত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা সহিতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই । বিধেয়কখনৰ সন্দৰ্ভত শুক্ৰবাৰে নতুন দিল্লীত মিজোৰামৰ মুখীমন্ত্ৰীৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত মেঘালয়ৰ লোকতান্ত্ৰিক মিত্ৰজোঁটৰ এক প্ৰতিনিধিমণ্ডলে গৃহমন্ত্ৰী ৰাজনাথ সিঙক (Rajnath Singh) সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু জোৰামথাংগাই বিধেয়ক খনৰ সন্দৰ্ভত উত্তৰ পূবৰ লোক সকলৰ অসন্তুষ্টি কথা ব্যক্ত কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙক ৷

মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক জনায় যে ইডিপি,বিজেপি, এইচএছপিডিপি, পিডিএফ,এন চি পি আৰু নিৰ্দলীয়ৰ লগতে সকলো দলৰ অনুসৰি এই বিধেয়কখনে মেঘালয় আৰু উত্তৰ পূবৰ সামাজিক ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলাব৷ এই বিধেয়ক খনে উত্তৰ পূবৰ লোকসকলৰ আৱেগক আঘাত কৰাৰ লগতে পৰিস্থিতিও গম্ভীৰ কৰিব ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত কয় যে উত্তৰ পূবৰ সকলো মুখ্যমন্ত্ৰী বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান কৰে ৷ লগতে উত্তৰ পূবত সকলো ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ সমকক্ষত থিয় হ’বৰ কাৰণে সকলোকে আহ্বান কৰে ৷ লগতে কয় যে, আমি কেন্দ্ৰক এই বিষয়টোৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰিবলৈ আহ্বান কৰিছোঁ ৷

গতিকে আমি আশা কৰিছোঁ যে চৰকাৰে এই সন্দৰ্ভত বিচাৰ বিবেচনা কৰিব ৷ গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰা প্ৰতিনিধিমণ্ডলে বিভিন্ন ৰাজনৈতিক দলৰ,নাগৰিক সমাজৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰাৰ সম্পৰ্কেও উল্লেখ কৰে । ইফালে ,উত্তৰ পূবৰ লোক সকলেও এই বিধেয়কখনক কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে উত্তৰ পূবৰ মুখ্যমন্ত্ৰী সকলৰ এই পদক্ষেপে চৰ্চা লাভ কৰিছে ৷কিন্তু মুখ্যমন্ত্ৰী সকলৰ বিতৰ্কিত বিধেয়ক বাতিলৰ সন্দৰ্ভত কেন্দ্ৰত কৰা আহ্বানৰ পিছত চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি