নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক বাতিলৰ দাবীত এইবাৰ প্ৰতিবাদ সদৌ অসম কৰ্মচাৰী পৰিষদে

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক বাতিলৰ দাবীত এইবাৰ প্ৰতিবাদ সদৌ অসম কৰ্মচাৰী পৰিষদে
Published on

সমগ্ৰ ৰাজ্যৰ লগতে, আছু,অসম সাহিত্য সভাকে ধৰি বিভিন্ন দল সংগঠনে, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে ৷ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদে অসম আন্দোলনৰ লগত সংগতি ৰাখি "চাকৰি ৰাজ্যতকৈ ডাঙৰ নহয়" শ্ন’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম কৰ্মচাৰী পৰিষদে দেওবাৰে তামোলপুৰত অনুষ্ঠিত এক বৈঠকত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিতংকৈ আলোচনা কৰে।

লগতে বৈঠকখনত ২৩ জানুৱাৰীত বিধেয়কখনৰ বিৰুদ্ধে এক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথাও উল্লেখ কৰে ৷ এই আন্দোলনত সদৌ অসম কৰ্মচাৰী পৰিষদে সদৌ অসম ছাত্ৰ সন্থাই বিধেয়ক খনৰ বিৰুদ্ধে আয়োজন কৰা "ব্ৰজনিনাদ"ক সমৰ্থন কৰিব। ইফালে ৩০ জানুৱাৰীত হ’ব লগা ব্ৰজ নিনাদ কাৰ্যসূচীত বিধেয়কখনৰ বিৰুদ্ধে সকলো উপায়ুক্ত আৰু বিভাগীয় কাৰ্যালয় সন্মুখত পুৱা ১১ বজাৰ পৰা ২ বজালৈকে প্ৰতিবাদ কৰিব ৷ অন্যহাতে সদৌ অসম কৰ্মচাৰী পৰিষদে সমাজলৈ এই আন্দোলনৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰিব যে,এই আন্দোলন ১৯৭৯ ৰ পৰা ১৯৮৫চনলৈ হোৱা অসম আন্দোলনৰ অভিন্ন অংশ ৷

লগতে অসম আন্দোলনৰ শ্বহীদ হোৱা ৮৫৫ জনৰ ভিতৰত ৬৮ জনেই হ’ল ৰাজ্য চৰকাৰৰ কৰ্মচাৰী ৷ অন্যহাতে সদৌ অসম কৰ্মচাৰী পৰিষদে কয় যে, অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰবেশ কৰা যিকোনো বিদেশীক বিতাৰিত কৰা হোৱা প্ৰসংগটো সকলো দল সংগঠন মানি লোৱাৰ পিছত সম্প্ৰতি সৃষ্টি হোৱা পৰিস্থিতি অত্যন্ত দুৰ্ভাগ্য জনক ৷ লগতে ১৯৭১ চনটো সকলোৱে স্বীকাৰ কৰি লোৱাৰ পিচত বাংলাদেশী হিন্দুক ভাৰতীয় নাগৰিকতা দিবলৈ লোৱা স্থিতি অসমৰ লগতে সমগ্ৰ দেশ তথা সংবিধানৰ কাৰণেই দুৰ্ভাগ্যজনক ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি সদৌ অসম কৰ্মচাৰী পৰিষদে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব হীনতাই সদৌ অসম কৰ্মচাৰী সন্থাক আকৌ আন্দোলন কৰিবলৈ বাধ্য কৰাইছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com