Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক বাতিলৰ দাবীৰে পুনৰ ৰাজপথত ছাত্ৰ সমাজ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক বাতিলৰ দাবীৰে পুনৰ ৰাজপথত ছাত্ৰ সমাজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Jan 2019 6:07 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক লৈ সম্প্ৰতি প্ৰতিবাদ অব্যাহত আছে ৷ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত তথা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক বাতিল কৰাৰ দাবীত হুংকাৰ দি পুনৰাই ৰাজপথত নামিল গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। মংগলবাৰে প্ৰায় ছয় শতাধিক ছাত্ৰ ছাত্ৰীয়ে ৰাজপথত বিতৰ্কিত বিধেয়ক খনৰ সন্দৰ্ভত প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক উদ্দেশ্য কৰি হুংকাৰ দিয়ে যে যদি "টুপি ভালকৈ পিন্ধিব পাৰে তেন্তে পিন্ধক। যদি কিছু সমালোচনা আপোনাৰ ওপৰত প্ৰযোজ্য হয় তেন্তে তাক গ্ৰহণ কৰক৷

ইফালে বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত আন্দোলন কৰিবলৈ গুৱাহাটীৰ কটন বিশ্ব বিদ্যালয়,গুৱাহাটী বিশ্ব বিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান,গুৱাহাটী মহাবিদ্যালয়,বি বৰুৱা কলেজ, পশু চিকিৎসা আৰু পশু পালন মহাবিদ্যালয়, জে বি আইন মহাবিদ্যালয় ,গুৱাহাটী চিটী কলেজ,চৰকাৰী আয়ুবেৰ্দিক কলেজৰ ছাত্ৰ ছাত্ৰী সকল সৰৱ হৈ উঠে ৷ মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ’টাৰীৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ "CAP পিন্ধাই CAB জাপি নিদিব"আদি বিভিন্ন শ্ল’গানেৰে গুৱাহাটীৰ ৰাজপথ কঁপাই তোলে ছাত্ৰ সমাজে ৷লগতে ছাত্ৰ ছাত্ৰী সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিধেয়ক খনৰ ক্ষেত্ৰত নতুন যুগৰ বদন আখ্যা দিয়ে৷ জীৱনে মৰণে আমি চিৰদিন অসমীয়া,বিজেপি তোৰ স্বৰূপ চিনিছো,চুপ থাক মিছলীয়া আদি শ্ল’গানেৰে ছাত্ৰ সমাজে উত্তাল কৰে ৰাজপথ ৷

আনহাতে,নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ বিশিষ্ট শিক্ষা বিদ উদয়াদিত্য ভৰালীয়ে কয় যে, এই বিধেয়ক খনে অসমৰ স্বদেশী লোকসকলৰ কাৰণে ভয়ংকৰ প্ৰলয় আনিব ৷ জাতিৰ সন্মুখত ভয়ংকৰ সংকট নামি আহিছে ৷ গতিকে এই সংকটৰ সময়ত জাতিটোক উদ্ধাৰৰ কাৰণে ছাত্ৰ সমাজ আগবাঢ়িব লাগিব ৷অন্য এজন প্ৰখ্যাত শিক্ষাবিদ দীনেশ বৈশ্যই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ সন্দৰ্ভত কয় যে আমি অসম বিৰোধী বিধেয়ক খন প্ৰসংগত ভীৰৰ মাজৰ পৰা প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি অহা ছাত্ৰ সমাজক প্ৰশংসা কৰিব লাগে৷ কাৰণ ছাত্ৰ সমাজে সম্প্ৰতি মাৰ বান্ধি উলাই আহিছে ৷ ইফালে প্ৰতিবাদী সভাৰ অন্তত ছাত্ৰ সমাজে বিধেয়ক খনৰ সন্দৰ্ভত উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন সাতদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, লোকসভাত বিধেয়কখন উত্থাপন কৰি ৰাজনাথ সিঙে কয় যে এই বিধেয়কখন কেৱল মাত্ৰ অসমৰ কাৰণে নহয়। বিধেয়কখনৰ হিতাধিকাৰীসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে বসবাস কৰিব পাৰিব ৷ভাৰত চৰকাৰে অসম চৰকাৰ আৰু জনসাধাৰণক সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ কাৰণে বদ্ধ পৰিকৰ বুলিও কয় ৰাজনাথ সিঙে ৷উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা সংখ্যালঘু হিন্দু,শিখ জৈন,বৌদ্ধ,খ্ৰীষ্টান আৰু পাৰ্ছি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷সমগ্ৰ অসমৰ লগতে সম্প্ৰতি অসমৰ ছাত্ৰ সমাজৰ ৰাজপথ উত্তালৰ পিছত চৰকাৰে কি সিদ্ধান্ত ল’ব সেয়া হ’ব লক্ষ্যনীয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি