Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ কাৰণে ঐক্যবদ্ধ ১০ টা ৰাজনৈতিক দল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ কাৰণে ঐক্যবদ্ধ ১০ টা ৰাজনৈতিক দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jan 2019 8:22 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক লৈ সম্প্ৰতি উত্তাল হৈ আছে ৰাজ্য৷ এনে সময়তে মংগলবাৰে উত্তৰ পূবৰ ১০ টা ৰাজনৈতিক দল লগতে বিজেপিৰ সহযোগী জেডিইউ সহিতে সকলোৱে ঐক্যবদ্ধ হৈ ৰাজ্যসভাত বিধেয়ক খন বাতিল কৰিবলৈ সংকল্প লয়৷উত্তৰ পূবৰ ৰাজনৈতিক দলৰ এখন বৈঠকত অংশগ্ৰহণ কৰি মেগালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা,মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু এজিপি দলৰ সহিতে আঞ্চলিক দলৰ শীৰ্ষ নেতৃত্বও ভাগ লয়৷ বৈঠকখনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবৰ কাৰণে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিবৰ কাৰণে সিদ্ধান্ত লয় ৷ যাতে অনাগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ কাৰণে চৰকাৰক বাধ্য কৰিব পাৰে ৷মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মংগলবাৰে বিয়লি আয়োজন কৰা এক সংবাদমেলত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ পূবৰ সকলো লোকৰ বিৰোধ আৰু আবেগলৈ লক্ষ্য কৰিয়েই এই সংবাদমেলখন আয়োজন কৰা হৈছে ৷

এই সংবাদমেল খন কোনো ধৰণৰ ৰাজনৈতিক কাৰণত অনুষ্ঠিত কৰা হোৱা নাই। লগতে চাংমাই কয় যে উত্তৰ পূবৰ সকলো নেতা টেলিফোনৰ জৰিয়তে এই বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লয় ৷উত্তৰ পূবৰ লোকসকলে বিধেয়কখনৰ কাৰণে যথেষ্ট বিৰোধিতা কৰিছে ৷সেয়েহ আমিও এই বিতৰ্কিত বিধেয়ক খনৰ কাৰণে ঐক্যবদ্ধ হৈছো ৷নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ কাৰণে সম্প্ৰতি ৰাজ্যত বৃদ্ধি পোৱা প্ৰতিবাদ কেন্দ্ৰৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যপূৰ্ণ ৷ বিধেয়কখন যাতে বাতিল কৰে,তাৰ কাৰণে সমগ্ৰ ভাৰতত এখন সমিতি গঠন কৰাৰ কথাও উল্লেখ কৰে ৷ ইফালে বিজেপি নেতৃত্ব বৰ্গ নেডা অৰ্থাৎ নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্সৰ পৰা ওলাই আহিবনে বুলি সোধা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই বৈঠকখন ৰাজনৈতিক নহয় ৷কিন্তু এই বৈঠকখন স্থানীয় লোকসকলৰ চিন্তা চৰ্চাৰ কাৰণে অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰী চাংমাই কয় যে মই আশা কৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ লোক সকলৰ ভাবনাক বুজিব চৰকাৰে ৷ যদি কেন্দ্ৰই আমাৰ স্থিতিক পুনৰ বিবেচনা নকৰে বা ধ্যান নিদিয়ে তেতিয়া আমি উত্তৰ পূবৰ লোকসকলে আকৌ মিলিত হ’ম ৷

অন্যহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এখন সংবাদমেল সম্বোধন কৰি কয় যে যদিহে বিধেয়কখন গৃহীত কৰে তেন্তে উত্তৰ পূবৰ লোকসকলক ক্ষতি কৰিব ৷ আমি সকলোৱে বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হ’ম ৷ইফালে এজিপিৰ সভাপতি অতুল বৰাই কয় যে এই বৈঠকখন ঐতিহাসিক ৷কাৰণ এই বৈঠকখনত সকলোৱে ৰাজ্যসভাত বিতৰ্কিত বিধেয়ক খন গৃহীত কৰাৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সংকল্প লয় ৷উল্লেখ্য যে বৈঠকখনত ভাগ লোৱা ১০ টা ৰাজনৈতিক দলৰ ভিতৰত আছিল মিজো নেশ্যনেল ফ’ন্ট,ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি, অসম গণ পৰিষদ, নাগা পিপুল্স ফন্ট,নেশ্যনেল পিপুল্স পাৰ্টি,নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি,হিল ষ্টেট পিপুল্স ডেম’ক্ৰেটিক পাৰ্টি,পিপুল্স ডেম’ক্ৰটিক ফন্ট,ইনডিজিনিয়াছ পিপুল্স ফন্ট অফ ত্ৰিপুৰা আৰু খান্নাম ৷ইফালে জেডিইউক প্ৰতিনিধিত্ব কৰিছিল উত্তৰ পূবৰ প্ৰভাৰী এনএছএন লোথাই ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি