নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াওঁ সমৰ্থন নকৰোঁঃ অতুল বৰা

নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াওঁ সমৰ্থন নকৰোঁঃ অতুল বৰা
Published on

অসম গণ পৰিষদে ৰাজ্যখনৰ হিতাৰ্থে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও সমৰ্থন নকৰে৷ এই মন্তব্য অসম গণ পৰিষদৰ (AGP) সভাপতি অতুল বৰাৰ৷ লগতে অগপৰ সভাপতি অতুল বৰাই কয় যে, এতিয়াও সময় আছে৷কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে ৷নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব যেতিয়ালৈকে বিধেয়কখন বাতিল নহয়। কেন্দ্ৰই বুজি পাব লাগে যে এই বিধেয়কখন অসমৰ কাৰণে নহয় লগতে সমগ্ৰ উত্তৰ পূবৰ কাৰণেই এই বিধেয়ক বিপদ স্বৰূপ।

ইয়াৰ মাজতে এজিপি সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ শুক্ৰবাৰে ৰাজ্যৰ সৰ্বত্ৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ গুৱাহাটীত এনেধৰণৰ প্ৰতিবাদত দলৰ সভাপতি অতুল বৰা আৰু অন্যান্য নেতাসকলে অংশ লয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com