Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজধানীত একত্ৰিত আছু,অগপ আৰু নেছ’

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজধানীত একত্ৰিত আছু,অগপ আৰু নেছ’

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Feb 2019 6:57 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ সমগ্ৰ ৰাজ্যউত্তাল হৈ থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ সহিতে নেছো অৰ্থাৎ North East students organisation আৰু অসম গণ পৰিষদৰ এটা দল গৈ উপস্থিত হৈছেগৈ ৰাজধানী দিল্লীত ৷উদ্দেশ্য নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবৰ কাৰণে কেন্দ্ৰক হেচাঁ প্ৰয়োগ কৰা ৷ ৰাজনৈতিক আলোচকসকলে এই সন্দৰ্ভত কয় যে,ৰাজ্যসভাৰ শেষৰ দুদিন অৰ্থাৎ ১২ আৰু ১৩ ফ্ৰেব্ৰুৱাৰীত বিধেয়কখন যাতে বাতিল কৰিব পাৰে তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব ৷

এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ আঞ্চলিক দলটোৰ ভূমিকা বিশেষ ভাৱে উল্লেখ্য। ইফালে এজন ৰাজনৈতিক সমালোচকৰ মত অনুসৰি,কেন্দ্ৰই বিধানসভাত বিতৰ্কিত বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা কৰিব ৷অন্যহাতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভে কয় যে যিহেতু বিধেয়কখন গৃহীত কৰিবলৈ কেন্দ্ৰ উঠিপৰি লাগিছে। যদি বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈ যায় ৷তেন্তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোকৰ কাৰণে এক দুৰ্য্যোগৰ সন্মুখীন হ’ব ৷ লগতে বিভিন্ন অঞ্চলৰ স্বদেশীলোকসকলৰ কাৰণে গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ বিতৰ্কিত বিধেয়ক খন গৃহীত কৰিবলৈ লোৱা কেন্দ্ৰৰ প্ৰয়াসক আমি প্ৰতিৰোধ কৰিব লাগে৷ সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ৰাজনৈতিক দলৰ লগত মিলিত হৈ বিধেয়কখন যাতে গৃহীত নহয় তাৰ কাৰ ভোট দিবলৈ আহ্বান জনাই বিভিন্ন ৰাজনৈতিক দলৰ লগত সাক্ষাৎ কৰে ৷এই মন্তব্য আছুৰ উপদেষ্টা ভট্টাচাৰ্যৰ ৷

অগপৰ সভাপতি অতুল বৰাই দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষিৎকাৰত কয় যে,শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাংসাৰিত দিয়া ভাষণৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট হৈ পৰিছে ৷সম্প্ৰতি আমাৰ উদ্দেশ্য হৈছে ৰাজ্যসভাত শেষৰ দুদিনৰ ভিতৰত যাতে বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰি ভোট দিয়াৰ কাৰণে আহ্বান জনাই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হ’ব পাৰোঁ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি