নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অগপৰ বিশাল সমাৱেশ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি অসম গণ পৰিষদ দলে মহানগৰীৰ লতাশিল খেলপথাৰত বিশাল গণ সমাৱেশ আয়োজন কৰিছে । এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে মহানগৰীৰ লতাশিল খেলপথাৰ । লতাশিল খেলপথাৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰলৈ আয়োজন কৰা প্ৰতিবাদী সমদলত হাজাৰ হাজাৰ লোকে অংশগ্ৰহন কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্ত, খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, জ্যেষ্ঠ নেতা ডঃ কমলা কলিতাকে ধৰি বহুসংখ্যক নেতা-কৰ্মীয়ে এই ভাগ লৈছে ।জয় আই অসম, আহ ঐ আহ ওলাই আহ ,খেদ ঐ খেদ বিদেশীক খেদ আদি শ্লোগান লিখা প্লেকাৰ্ড লৈ অসম গণ পৰিষদ দলৰ গণ সমাৱেশত অংশ লৈছে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি অসম গণ পৰিষদ দলে মহানগৰীৰ লতাশিল খেলপথাৰত বিশাল গণ সমাৱেশ আয়োজন কৰিছে । এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে মহানগৰীৰ লতাশিল খেলপথাৰ । শনিবাৰে দিল্লীত অসম গণ পৰিষদ দলৰ এটা দলে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালক মীৰাটৰ বাসভৱনত সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ বিৰুদ্ধে এখন স্মাৰক প্ৰদান কৰিছিল । অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ তথা ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিচৰা ধৰণে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছিল দলটোৱে ।