Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হ’লে দল এৰিব উত্তৰ পূবৰ এজন মুখ্যমন্ত্ৰীয়েঃ কিন্তু কোন এইজন মুখ্যমন্ত্ৰী?

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হ’লে দল এৰিব উত্তৰ পূবৰ এজন মুখ্যমন্ত্ৰীয়েঃ কিন্তু কোন এইজন মুখ্যমন্ত্ৰী?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Feb 2019 7:58 AM GMT

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে যে যদি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত কেন্দ্ৰই গৃহীত কৰে তেন্তে বিজেপিক সংগ ত্যাগ কৰিব মুখ্যমন্ত্ৰী চাংমাৰ দলৰ পাৰ্টীয়ে ৷নাগৰিকত্ব সংশোধনী বিধেয়কখনে জনসাধাৰণৰ আবেগক বিঘ্নিত কৰে ৷গতিকে আমি এনেধৰণৰ বিধেয়কক কেতিয়াও মানি ল’ব নোৱাৰো ৷যদি চৰকাৰে বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰে,তেন্তে আমাৰ লগত এন ডি এ মিত্ৰজোঁট ত্যাগ কৰাৰ বাহিৰে বিকল্প একোৱেই নাথাকিব ৷নতুন দিল্লীত এই মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই ৷

মুখ্যমন্ত্ৰী চাংমাই লগতে কয় যে বিধেয়কখনক বাতিল কৰিবৰ কাৰণে অন্য ৰাজনৈতিক দলৰ লগত তথা দলৰ বৰিষ্ঠ নেতাসকলৰ লগত সাক্ষাৎ কৰা হৈছে। আমি প্ৰথমতেই কিছু সংখ্যক লোকৰ লগত সাক্ষাৎ কৰিছোঁ,যিয়েই বিধেয়কখন বাতিলৰ কাৰণে সমৰ্থন কৰিছে ৷ আমি দৃঢ় সংকল্প লৈছো যে কোনো কাৰণতে ৰাজ্যসভাত বিধেয়ক খন গৃহীত হ’বলৈ দিয়া নহয় ৷

মনকৰিব লগা এই যে ৰাজ্যসভাৰ সূচীত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত উল্লেখ কৰা নাই ৷কিন্তু আমি কোনো কাৰণতে চৰকাৰৰ বিশ্বাস কৰিব নোৱাৰোঁ ৷ৰাজ্যসভাত বিধেয়ক খনৰ সন্দৰ্ভত যিকোনো পদক্ষেপ ল’ব পাৰে চৰকাৰে ৷এই মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি