Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আছু আৰু নেছোৰ হুংকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আছু আৰু নেছোৰ হুংকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2019 6:06 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ চৰকাৰক সতৰ্কবাণী যে, উত্তৰ পূবৰ স্বদেশী লোকসকলৰ ওপৰত বিতৰ্কিত বিধেয়কখন জাঁপি দি দেশৰ অন্যান্য খণ্ডৰ পৰা আঁতৰ কৰোৱাৰ চেষ্টা নকৰিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ লগত মোকামিলা কৰিবলৈ উত্তৰ পূবৰ ছাত্ৰ সংগঠন আৰু অন্যান্য ৰাজনৈতিক দলৰ লগত নতুন দিল্লীত আৰম্ভ কৰিছে বৈঠক৷ এই বৈঠক খনক নেতৃত্ব দিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷

দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাতকাৰত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে,আমি ইতিমধ্যে বিধেয়কখনৰ সন্দৰ্ভত সতৰ্কবাণী দিছো ৷আমি কেন্দ্ৰক জনাই দিছো যে,উত্তৰ পূবৰ জনগণৰ ওপৰত যাতে বিধেয়কখন বলপূৰ্বকভাৱে গৃহীত নকৰে ৷ইয়াৰ মাজতে মংগলবাৰে আছু আৰু নেছোৰ নেতাসকলে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ নেতাসকলৰ লগত সাক্ষাৎ কৰি ভোটৰ মাধ্যমেৰে যাতে বিধেয়কখন বাতিলৰ কৰে,সেই সন্দৰ্ভত আহ্বান জনাই ৷

উত্তৰ পূবৰ বিভিন্ন ক্ষেত্ৰৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে নিজৰ পাৰ্টীৰ ফালৰ পৰা সমৰ্থনৰ আশ্বাস দি আকালী দলৰ নেতা নৰেশ গুজৰালে কয় যে আমি উত্তৰ পূবৰ লোকসকলৰ লগত আছোঁ ৷আমি বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ কৰিম ৷লগতে উত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে প্ৰতিবাদ কৰাৰ কথাও কয় আকালী দলৰ নেতাজনে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি