Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অমিত শ্বাহৰ বিশেষ ইংগিত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত অমিত শ্বাহৰ বিশেষ ইংগিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Feb 2019 10:21 AM GMT

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে (Amit Shah) দেওবাৰে ঘোষণা কৰে যে আগন্তক লোকসভা নিৰ্বাচনৰ ঘোষণা পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কক অন্তৰ্ভূক্ত কৰিব৷ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে সুনিশ্চিত কৰে যে বিজেপিৰ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত সংসদৰ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমৰ পৰিচয় ৰক্ষা হ’ব ৷কিন্তু বিৰোধী কংগ্ৰেছ,অসম গণ পৰিষদ আৰু তৃণ মূল কংগ্ৰেছে বিধেয়কখনৰ প্ৰসংগত মিছা বাতৰি প্ৰচাৰ কৰিছে ৷

লোকসভাত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক লাভ কৰিলে ৷কিন্তু ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰাত বিফল হয় ৷ কাৰণ বিজেপিৰ লগত সংখ্যা গৰিষ্ঠতা নাছিল ৷বশিষ্ঠ চাৰিআলিত হোৱা অসম বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ভূমিপূজন সমাৰোহত ভাগ লৈ এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ৷

ইফালে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নোহোৱাৰ সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধীসকলক বহুত বেছি সুখী হোৱাৰ প্ৰয়োজন নাই বুলি কোৱাৰ লগতে কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপি আকৌ শাসনলৈ আহিব বিজেপি ৷বিজেপি চৰকাৰ আকৌ শাসনলৈ আহিলেই নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিব ৷নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ জাতীয় অংগীকাৰ ৷ইয়াক আমি পূৰণ কৰিম ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি