Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত জনতা দলৰ বিশেষ প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত জনতা দলৰ বিশেষ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 April 2019 10:04 AM GMT

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত বুধবাৰে জনতা দল ইউনাইটেডে কয় যে বিধেয়কৰ বিৰুদ্ধে দলটোৱে প্ৰতিবাদ কৰিব আৰু ১৪ এপ্ৰিলত পাটনাত দিয়া নিৰ্বাচনী ইস্তাহাৰত এই বিধেয়কখন বিৰোধ কৰিব ৷ জনতা দলৰ নেতা কেচি ত্যাগীয়ে নতুন দিল্লীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলক আশ্বাস প্ৰদান কৰিছিল যে, আমি দলটোৰ নিৰ্বাচনী ইস্তাহাৰত বিতৰ্কিত বিধেয়কখনক বিৰোধ কৰিম।

সম্প্ৰতি আমি জেডিইউ আৰু বিজেপিৰ লগত মিত্ৰতাৰ বন্ধনত আছো যদিও বিধেয়কৰ প্ৰসংগত আমাৰ মতৰ অমিল আছে । ৰাজ্য চৰকাৰে আমাৰ সন্মতি অবিহনে বিতৰ্কিত বিধেয়কখন গৃহীত কৰিব নোৱাৰে ৷ ইফালে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছে যে দলটোৱে বিতৰ্কিত বিধেয়কখন গৃহীত কৰিবৰ কাৰণে চেষ্টা কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংক নাথে কেচি ত্যাগীক সাক্ষাৎ কৰি বিধেয়কখন বাতিল কৰিবৰ কাৰণে তেওঁলোকৰ সমৰ্থন বিচাৰে ৷

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এইখন বিধেয়কে অসমৰ মানুহৰ বিৰোধ কৰিছে ৷গতিকে চৰকাৰক এই বিধেয়কখন গৃহীত কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক বিৰোধ কৰাত সহায় কৰাৰ কাৰণে নীতিশ কুমাৰ আৰু জনতা দলৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷ লগতে এই বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story