নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত কঁপি উঠিল উত্তৰ পূবৰ ছখন ৰাজ্যৰ ৰাজধানী

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত কঁপি উঠিল উত্তৰ পূবৰ ছখন ৰাজ্যৰ ৰাজধানী
Published on

নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত এইবাৰ কঁপি উঠিল উত্তৰ পূৰ্বাঞ্চলৰ ছখন ৰাজ্যৰ ৰাজধানী কহিমা,ইটানগৰ,শ্বিলং,আইজল,ইম্ফল,আগৰতলা ৷এই সন্দৰ্ভত ত্ৰিপুৰা ছাত্ৰ ফেডাৰেছন কয় যে "নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত নহওঁতেই অবৈধ বাংলাদেশী প্ৰব্ৰজন ফলত খিলঞ্জীয়া ত্ৰিপুৰীসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত হৈছে ৷ত্ৰিপুৰাৰ ৪০ লাখ জনসংখ্যাৰ ভিতৰত খিলঞ্জীয়া ত্ৰিপুৰী মাত্ৰ ১০ লাখ ৷

উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছ’ৰ আহ্বানত ২০ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত শুক্ৰবাৰে উত্তৰ পূবৰ ৰাজধানী চহৰ কেইখনতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে মেঘালয় ৰাজ্য চৰকাৰৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ আন সকলো ৰাজ্য চৰকাৰকো এই বিধেয়কখন বাতিলৰ বাবে পদক্ষেপ ল’বলৈ নেছ’ আৰু প্ৰতিবাদকাৰীসকলে আহ্বান জনায় ৷

এই সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৱৰা,সম্প্ৰাদক প্ৰধান চিনাম প্ৰকাশ,উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয় ভাৰতৰ সাতখন ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণে বিৰোধিতা কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পৰ্কীয় নিয়ম নিৰ্দেশ বাতিল কৰক৷ লগতে সংসদৰ অধিবেশনৰ সময়ত নতুন দিল্লীত সংসদৰ অধিবেশনৰ সময়ত নেছ’ই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে প্ৰতিবাদ কাৰীসকলে ৷

নাগালেণ্ডৰ ৰাজধানী ক’হিমাতো নগা ছাত্ৰ ফেডাৰেশ্বনৰ উদ্যোগত শতাধিক প্ৰতিবাদ কাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ নগা ছাত্ৰ ফেডাৰেশ্বনৰ সভাপতি খ্ৰীষ্টোফাৰে কয় যে উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয়৷এই আইন বাতিল হ’বই লাগিব৷মণিপূৰৰ ৰাজধানী ইম্ফলটো সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ সভাপতি মঞ্জিত চৰংথেমে কয় যে,মনিপুৰ চৰকাৰে খিলঞ্জীয়াৰ পক্ষত দৃঢ় পদক্ষেপ ল’বই লাগিব ৷ অন্যথা আন্দোলন চলি থাকিব৷

ইফালে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে৷সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি হাৱা বাগাং কয় যে এই বিল আমি নামানো৷অৰুণাচল প্ৰদেশৰ পৰা সকলো অবৈধ বাংলাদেশী আৰু চাকমা শৰণাৰ্থীক বহিস্কাৰ কৰিবই লাগিব৷উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক বাতিলৰ দাবীত সম্প্ৰতি কঁপি উঠিছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য৷কিন্তু এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যণীয় অনাগত দিনত ৷

অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com