Begin typing your search above and press return to search.

অতিৰিক্ত উপায়ুক্ত সকলৰ সাল- সলনিৰ লগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্ক আছে নেকি?

অতিৰিক্ত উপায়ুক্ত সকলৰ সাল- সলনিৰ লগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  উন্নীতকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্ক আছে নেকি?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 March 2019 8:10 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ কাম চলি থকাৰ মাজত দিছপুৰৰ পৰা ১৭ জন অতিৰিক্ত উপায়ুক্তক সাল সলনি কৰাৰ আদেশ দিছে । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ এই শেষ পৰ্যায়ত অতিৰিক্ত উপায়ুক্ত সকলৰ সাল সলনিয়ে এন আৰ চিৰ কাম কাজত প্ৰভাব পেলাব ।

এপেক্স কোৰ্টে দিয়া নিৰ্দেশৰ মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ লগত জড়িত কোনো আমোলাক এন আৰ চিৰ কাম কাজ চলি থকাৰ মাজত সাল সলনি কৰিব নোৱাৰিব । কিন্তু বৰ্তমান আমোলা সকলৰ সাল সলনিয়ে সমস্যাৰ সৃষ্টি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ কাম কাজ ৰাজ্য চৰকাৰৰ তত্বাৱধানত গৃহ আৰু ৰাজনৈতিক বিভাগে কৰি আছে ।

আনহাতে অতিৰিক্ত উপায়ুক্ত সকলৰ সাল সলনিৰ আদেশ নিৰ্বাচনী আয়োগৰ ব্যক্তিগত বিভাগে প্ৰকাশ কৰিছে । নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে যি সকল আমোলাই একে স্হানতে ৩ অথবা ৪ বছৰ কাৰ্য্য নিৰ্বাহ কৰি আছে আৰু যি সকলে নিজৰ সমষ্টিতে কাৰ্য্য নিৰ্বাহ কৰি আছে সেই সকল আমোলাক লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত সাল সলনি কৰা হৈছে ।

সূত্ৰই প্ৰকাশ কৰা মতে দুটা বিভাগৰ মাজত যোগসূত্ৰ কম হোৱাৰ বাবেই বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হব । নিৰ্বাচনী আয়োগৰ ব্যক্তিগত বিভাগে প্ৰকাশ কৰে যে তেওঁলোকে গৃহ আৰু ৰাজনৈতিক বিভাগৰ পৰা কোনো আদেশ দিয়া নাই বুলি প্ৰকাশ কৰে ।সেয়েহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কতৃপক্ষয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে যে যি সকল এন আৰ চিত জড়িত অতিৰিক্ত উপায়ুক্ত আছে তেওঁ লোকক সাল সলনি কৰিব নোৱাৰিব । ৰাজ্য চৰকাৰে বাৰম্বাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ ৰাজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে । উপায়ুক্ত সকলক সাল-সলনি কৰা নিৰ্দেশ পুনৰ ব্যক্তিগত বিভাগে বিবেচনা কৰিব ।এন আৰ চিৰ লগত ১৭ জন অতিৰিক্ত উপায়ুক্ত সকলক সাল সলনি কৰাৰ ক্ষেত্ৰত পুনৰ বিবেচনাৰ কৰাৰ নিৰ্দেশ ।

Next Story
চাকৰি