Begin typing your search above and press return to search.

নাগৰিক সংশোধনী বিধেয়কৰ আৰু এনআৰচিৰ সম্পৰ্কে আলোচনা চক্ৰ

নাগৰিক সংশোধনী বিধেয়কৰ আৰু এনআৰচিৰ সম্পৰ্কে আলোচনা চক্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:19 AM GMT

অসম আন্দোলন সংগ্ৰামী মঞ্চই মঙলবাৰে দিল্লীস্থিত ভাৰতীয় প্ৰেছ ক্লাৱত দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত বসবাস কৰা লোকসকলক নাগৰিক সংশোধনী বিধেয়ক আৰু এনআৰচি সম্পৰ্কে জ্ঞাত কৰিবৰ বাবে এখন আলোচনা চক্ৰৰ আয়োজন কৰে।

দেশৰ প্ৰখ্যাত সাংবাদিক শেখৰ গুপ্তাই 'অসমত বাংলাদেশৰ অবৈধ প্ৰৱজনকাৰী আৰু অসম চুক্তিৰ ৰূপায়ন' শীৰ্ষক আলোচনা চক্ৰ খন উদ্দোধন কৰি কয় যে আলোচনা খন সঠিক সময়ত আয়োজন কৰা হৈছে কিয়নো অসমৰ জলন্ত সমস্যাসমূহ দেশবাসীয়ে জনাৰ প্ৰয়োজন আহি পৰিছে।

অসম আন্দোলনৰ অন্যতম কান্ধাৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে অসম চুক্তি ৰূপায়ন,এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগতে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাটো অসমৰ খিলঞ্জীয়া লোক সকলৰ বাবে সমানে প্ৰয়োজনীয়।সেইবাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক খন বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে।

Next Story
চাকৰি