নাছাৰ দ্বাৰা নিমন্ত্ৰিত হৈছে অসম সন্তান তন্ময় চক্ৰবৰ্ত্তী

অসমলৈ গৌৰব কঢ়িয়াই আনিছে লামডিংৰ সন্তান তন্ময় চক্ৰবৰ্ত্তীয়ে। লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীৰ্ণ হোৱা তন্ময় চক্ৰবৰ্ত্তীয়ে সাজি উলিয়াইছে এক যন্ত্ৰ ।
১৭ বছৰীয়া ছাত্ৰ জনে সাজি উলিওৱা এই যন্ত্ৰটোৰ যোগেদি লামডিংৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছে । লামডিং শীতলা বাৰীৰ বাসিন্দা শিক্ষয়িত্ৰী তপা চক্ৰবৰ্ত্তী আৰু বাপন চক্ৰবৰ্ত্তীৰ সন্তান তন্ময় চক্ৰবৰ্ত্তীয়ে নিৰ্মাণ কৰি উলিয়াইছে ভূমিকম্পৰ আগজাননী দিয়াৰ যন্ত্ৰ ।
৪৮ পৰা ৭২ ঘণ্টাৰ পূৰ্বে ভূমিকম্পৰ আগজাননী লাভ কৰিব পৰা যন্ত্ৰ নিৰ্মান কৰাৰ বাবে ইতিমধ্যে NASA ৰ দ্বাৰা নিমন্ত্রিত হৈছে ছাত্ৰজন। এই খবৰে উৎফুল্লিত কৰি তুলিছে অভিভাৱক আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক ,সহ ছাত্ৰ ছাত্ৰী সকলক।
যুৱকজনে নিৰ্মান কৰা যন্ত্ৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী স্মিতি ইৰাণীৰ পৰাও প্ৰশংসনীয় পত্ৰ লাভ কৰিছে তন্ময় চক্ৰবৰ্ত্তীয়ে ।বৰ্তমান ছাত্ৰজন বিশাখাপট্টনমৰ বিকাশ বিদ্যানিকেটনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছে।
অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি