Top
Begin typing your search above and press return to search.

নাৱালিকাক যৌন আতিশৰ্য্যৰ অভিযোগত পলাতক অপৰাধীক আটক

নাৱালিকাক যৌন আতিশৰ্য্যৰ অভিযোগত পলাতক অপৰাধীক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2018 11:44 AM GMT

এগৰাকী নাৱালিকাক যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত বিগত চাৰি মাহে পলাতক হৈ আদালতত জামিন লাভৰ বাবে যোৱাৰ সময়তে আটক হল মদন ৰাজখোৱা নামৰ এজন পশুপালন বিভাগৰ কৰ্মচাৰী।হোজাইৰ শংকৰদেৱ নগৰ আদালতত জামিনৰ যো-জা কৰি উপস্থিত হোৱাৰ সময়তে এইজন পলাতক আতিশাৰ্য্যকাৰীক কাকী আৰক্ষীয়ে আটক কৰে।

কাকী আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ বনগাঁওৰ ৰাধেশ্যাম দাস নামৰ লোকজনৰ ১৪বছৰীয়া নাতিনী গৰাকীক মদন ৰাজখোৱা নামৰ পশুপালন বিভাগৰ কৰ্মচাৰীজনে ঘৰত কোনো নথকাৰ সুযোগত অসৎ উদ্দেশ্য চৰিত্ৰাৰ্থ কৰা বুলি কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।

কাকী আৰক্ষী থানাত পঞ্জীয়ণভুক্ত হোৱা উক্ত গোচৰত অভিযুক্ত মদন ৰাজখোৱাক বিচাৰি ফুৰে যদিও তেতিয়াৰপৰায়েই পলাতক হৈ আছিল ৰাজখোৱা।কালি জামিন লাভৰ বাবে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ আদালতলৈ যোৱাৰ খবৰ লাভ কৰি আৰক্ষীয়ে আটক কৰে।

Next Story