Begin typing your search above and press return to search.

নিইজিলেণ্ডত হিংসাত্মক ঘটনা: ৪০ নিহত

নিইজিলেণ্ডত হিংসাত্মক ঘটনা: ৪০ নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 7:51 AM GMT

নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চ দুটা মচজিদলৈ লক্ষ্য কৰি গুলীচালনা । গুলীচালনাত প্ৰায় ৪০ জন লোক নিহত আৰু বহুতো লোক আহত হৈছে বুলি প্ৰকাশ কৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিনদা আৰড্ৰেনে । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৪ জনক আটক কৰিছে । দিনৰ প্ৰায় ১.৪০ ত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে কিছু সময়ৰ পুৰ্বে গুলীচালনা ঘটনা সংঘটিত কৰা উগ্ৰপন্থী কেইজন অষ্ট্ৰেলিয়াৰ নাগৰিক বুলি প্ৰকাশ কৰিছিল । স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ সবিশেষ দৃশ্যং ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰিছিল । প্ৰতক্ষ্যদৰ্শীয়ে জনোৱা মতে উগ্ৰপন্থী কেইজনে সেনাৰ পোচাকত আহিছিল আৰু অট'মেটিক ৰাইফল লৈ আহিছিল । উগ্ৰপন্থী দলটো মচজিদত উপস্থিত হৈ নিৰ্বিচাৰে গুলিবৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছিল । মচজিদত প্ৰায় ৫০ জাই গুলিবৰ্ষণ কৰে দুৰ্বৃত্তই । আশ্বৰ্যজনক ভাবে ঘটনাৰ ১৭ মিনিট ফেচবুক লাইভ কৰে উগ্ৰপন্থীৰ দলটোৱে ।

নিউজিলেণ্ডত কথমপি ৰক্ষা পৰিল বাংলাদেশৰ ক্ৰিকেট দল। দুৰ্বৃত্তৰ গুলীচালনাৰ সময়তে নামাজ পঢ়িবলৈ মছজিদটোলৈ গৈছিল বাংলাদেশৰ ক্ৰিকেটাৰসকল। ঘটনাস্থলীৰ পৰা পলায়ন কৰি প্ৰাণৰক্ষা কৰে বাংলাদেশৰ ক্ৰিকেটাৰসকলে। সকলো ক্ৰিকেটাৰক সুৰক্ষিতভাৱে হোটেললৈ লৈ যোৱা হয়। শনিবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত তৃতীয় টেষ্ট মেচ।

উগ্ৰপন্থীৰ দলটো মচজিদৰ পিছফালেদি আহিছিল বুলি প্ৰতক্ষ্যদৰ্শীয়ে জনাইছে । নিৰ্বিচাৰ গুলীচালনা কৰাৰ সময় মচজিদটোত প্ৰায় ২০০ জন ব্যক্তি আছিল । বহু লোকে নিজৰ প্ৰান বচাবলৈ খিৰিকিৰে তললৈ জপিয়াই দিছিল বুলিও প্ৰকাশ কৰে ।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰি এই দিনটোত দেশ খনৰ বাবে এটা ক'লা দিন বুলি মন্তব্য কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি