Begin typing your search above and press return to search.

নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কেইগৰাকীমান যুৱক যুৱতীঃ যাৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে আপুনিও

নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কেইগৰাকীমান যুৱক যুৱতীঃ যাৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে আপুনিও

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 8:19 AM GMT

নিবনুৱা সমস্যা আমাৰ দেশৰ লগতে বিশেষকৈ অসমত এটি প্ৰধান সমস্যা ৷ উচ্চ শিক্ষা লৈ এটি অত্যাধুনিক জীৱন বিছাৰে সকলোৱে ৷কিন্তু বাস্তৱ বৰ কঠিন ৷ বাস্তৱৰ লগত যুদ্ধ কৰি আমাৰ যুৱ প্ৰজন্মৰ কিছু সংখ্যকে হাৰ মানে জীৱনৰ লগতে, বা হতাশত ভূগি জীৱনৰ চৰম সীমাত উপনীত হয়। কিন্তু আমাৰ মাজৰে কিছু সংখ্যকৰ কাৰণে কিন্তু, জীৱন যুঁজত হাৰি যোৱাটো এটা বৃহৎ সফলতা ৷কাৰণ, তেওঁলোকে জীৱনত হাৰি যোৱাৰ পিছতো সংগ্ৰামৰ জৰিয়তে জীৱনৰ এনে এক শিখৰত উপনীত হয় ৷ যাৰ কাৰণে তেওঁলোকে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হয়, জনসাধাৰণৰ মাজত ৷ সমাজৰ বিভিন্ন জনে তেওঁক আদৰ্শ হিচাপে লৈ আগুৱাই যাবলৈ প্ৰেৰণা লাভ কৰে ৷ আহক জানো কেই গৰাকীমান যুৱক-যুৱতীৰ জীৱনত সফলতাৰ শিখৰত আৰোহন কৰাৰ কাহিনীঃ

মাজুলীৰ যুৱক প্ৰতাপ দত্ত এজন স্নাতক ৷ নিজৰ প্ৰশংসনীয় চাকৰি এৰি কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰে প্ৰতাপ। সৰিয়হ,দালি, চুপাৰি আদি খেতি কৰে প্ৰতাপ দত্তই ৷ বিগত ন বছৰৰ পৰা ব্যৱসায়ত জৰিত হৈ পৰা প্ৰতাপ দত্ত সম্প্ৰতি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ৷

কোকৰাঝাৰৰ দিপালী ৰায় এগৰাকী শিক্ষিত মহিলা ৷ দিপালী ৰায়ে ২০১২ চনত কল খেতিৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰে ৷ কিন্তু কলৰ ব্যৱসায়ত সফল হ’ব নোৱাৰি ২০১৪ চনত দিপালীয়ে ৫০ বিঘা ভূমিত চিত্ৰনলা ঘাঁহৰ খেতিৰ আৰম্ভ কৰে আৰু সেই ব্যৱসায়ত সফলতাও লাভ কৰে। উল্লেখ্য যে সম্প্ৰতি দিপালী ৰায়ৰ সৰু উদ্যোগত উৎপাদিত চিত্ৰনলা তেল অসমৰ বাহিৰেও দিল্লী আৰু পশ্চিমবংগৰ বজাৰ দখল কৰি আছে ৷

যোৰহাটৰ ৰঙাজানৰ এজন যুৱক মিঠু গগৈ প্ৰতিষ্ঠিত বাগিচাৰ মালিক। মিঠু গগৈৰ উত্তৰ পূৰ্বত প্ৰায় ২০০ অৰ্কিডৰ বাগিছা আছে৷ এই বাগিছাসমূহ প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকে ভিৰ কৰেহি । অন্যহাতে মিঠু গগৈ সম্প্ৰতি বহু উদ্যমী যুৱক যুৱতীৰ কাৰণে প্ৰেৰণা স্বৰূপ ৷

হাজোৰ কালীতা কুচিৰ এজন যুৱকে পাঁচ বিঘা ভূমিত ক’লা চাউল আৰু জহা চাউলৰ খেতি আৰম্ভ কৰে৷ ইফালে এক কিলো জহা চাউলত মিঠু গগৈয়ে লাভ কৰিবলৈ সক্ষম হয় ১০০ টকা ।ইফালে, একতাৰে যিকোনো কাম কৰি যে সফলতা লাভ কৰিব পাৰি তাৰেই উদাহৰণ হৈছে দৰং জিলাৰ মহালিয়াপাৰা আৰু ৰামহৰী গাঁৱৰ যুৱকসকল ৷ প্ৰায় ১৫০ বিঘা ভূমিত গাঁৱৰ যুৱকসকলে প্ৰথমতে আলু খেতি আৰম্ভ কৰে৷ এনেধৰণে আলু খেতি আৰম্ভ কৰাৰ পিছত বৃহৎ কোম্পানীসমূহে সম্প্ৰতি যোগাযোগ কৰে এই উদ্যমী যুৱক সকলক ৷ মৰিগাঁৱৰ জিলাৰ দুৰানী গাঁৱৰ ৰবীন্দ্ৰ ডেকা আৰু সোনাৰাম বনিয়াই কৰা ষ্ট’বেৰী, কল,পাচলি খেতিৰ জৰিয়তে প্ৰায় ১০ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হয় ৷

নগাঁও জিলাৰ চাপৰ মুখৰ প্ৰণৱজ্যোতি কোঁৱৰ আৰু মন্টু কোঁৱৰে এক সৰু চেলুনৰ পৰা হেয়াৰড্ৰেচাৰ ৰূপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। লগতে দুয়োজনে অন্যান্য জীৱিকা ম’বাইল মেৰামতি,টেলিভিশ্যন মেৰামতি আদিৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি তেওঁলোকে এজন চৰকাৰী চাকৰিয়ালতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও ভূল কোৱা ন’হব। গতিকে দেখা গ’ল যে এই নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলৰ যি উদ্যম,কাম কৰাৰ যি আগ্ৰহ,হেপাঁহ সেয়া সচাঁকৈয়ে উল্লেখনীয় ৷ অৱশ্যে এই ক্ষেত্ৰত কৃষি বিভাগ অথবা বেংকৰ ফালৰ পৰা সহায়ৰ কথা প্ৰসংগ ক্ৰমে উল্লেখ্যনীয়। কিন্তু এই সকল যুৱক যুৱতীৰ সম্প্ৰতি ৰাজ্যখনৰ বহু শিক্ষিত তথা উদ্যমী যুৱক যুৱতীৰ কাৰণে প্ৰেৰণা স্বৰূপ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি