Begin typing your search above and press return to search.

নিজ জীৱনক আওকান কৰি মহিলা কনষ্টবলে জীৱন ৰক্ষা কৰিলে বহু লোকৰ জীৱন

নিজ জীৱনক আওকান কৰি মহিলা কনষ্টবলে জীৱন ৰক্ষা কৰিলে বহু লোকৰ জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2018 7:46 AM GMT

বৰষুনৰ দিনকেইটাত প্ৰায় সকলো লোকে বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ।নেৰা-নেপেৰা বৰষুনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত কৃত্ৰিম বানে বহু চহৰকে ধৰি বহু লোকৰ ঘৰ-বাৰী,জীৱন ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে ।এই বৰষুনে মহাৰাষ্ট্ৰতো অধিকাংশ লোকক বিপদৰ সন্মুখীনত পেলাইছে ।

এনে ধৰনৰ কঠিন পৰিস্থিতিৰ সময়ত কেতিয়াও নিজৰ সাহস হেৰুৱাব নালাগে ।কাৰন এনে ধৰনৰ বিপদৰ সময়ত নিজৰ লগতে আন লোককো কঠিন পৰিস্থিতি তথা সময়ৰ পৰা বাহিৰলৈ উলিয়াব পাৰি। কঠিন সময়ত আমি প্ৰায় লোকে নিজৰ কথা ভাবো কিন্তু আমাৰ সমাজত,ঠাই খনত এনে কিছুমান লোক আছে যিয়ে নিজতকৈ আগে আনৰ কথা ভাবে অৰ্থাৎ নিজক কথা এৰি আনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজি ঠিক এনে এগৰাকী মহিলা কনষ্টবলৰ বিষয়ে আলোচনা কৰিম যিয়ে,নিজৰ জীৱনৰ কথা নাভাবি পানীত ডুবিব লোৱা মহিলা শিশু সহ বহু লোকৰ জীৱন ৰক্ষাৰ বাবে আগবাঢ়ি আহে ।

নীলম গায়কবাদ হৈছে দত্তাবাড়ী আৰক্ষী চকীৰ মহিলা কনষ্টবল।এইগৰাকী সাহসী মহিলা আৰক্ষীৰ বিষয়ে সমগ্ৰ চ'চিয়েল মিডিয়াতে প্ৰচাৰ হৈ আছে ।নিজৰ জীৱনৰ কথা নাভাবি নীলমে ১৫গৰাকী লোকৰ জীৱন ৰক্ষা কৰে । পুনেত কিছুদিন পূৰ্ৱে হঠাৎতে বানপানীৰ পৰিস্থিতি তথা পানী বাঢ়ি গৈছিল। খড়কবাসলা বান্ধৰ কালৱা নহৰ হঠাৎতে ফুটি যোৱাৰ ফলত সিংগড ৰোড,টাণ্ডেকাৰ পুল আৰু আশে-পাশে থকা অঞ্চল সমূহত বানপানীৰ দৰে সৃষ্টি হ'ল ।বস্তিত থকা ঘৰ আৰু ৰাস্তা সমূহত পানীৰে উপচি পৰিল আৰি এই সময়তে,আৰক্ষী মহিলা কনষ্টবল নীলম গায়কবাডৰ সাহসীকতাৰ পৰিচয় ওলাই পৰিছিল ।

বুধবাৰে পুৱা ১০.৩০বজাত কনষ্টবল নীলমলৈ ফন আহিছিল,পানীৰ পাইপ ফুটি যোৱা বুলি,তেওঁ ভাবিছিল এইটো সাধাৰন কথা,কিন্তু যেতিয়া তেওঁ সেই গন্তব্য স্থান গৈ দেখিলে পানীৰ ডাঙৰ পাইপ ফুটি যোৱাৰ ফলত মানুহৰ কান্ধলৈ পানী উঠি আহিছিল আৰু মানুহ বোৰ ডুবিব লৈছিল । আৰক্ষী কনষ্টবল গৰাকীয়ে এই পৰিস্থিতি দেখি বেলেগ কোনো চিন্তা নকৰি নিজৰ মবাইল আৰু পাৰ্চ এগৰাকী অচিনাকী ব্যক্তিৰ হাতত দি পানীত জাপ মাৰিবলৈ সাজু হৈছিল,ঠিক তেতিয়া দেখিলে যে,এখন দোকানৰ মালিক পানীৰ পৰা বাচিবলৈ মৰন -যুঁজ কৰি আছে আৰু তেতিয়াই নীলমে এটা গেৰেজৰ পৰা টায়াৰ এটা তেওঁৰ ওচৰলৈ দলিয়াই দিয়ে যাতে তেওঁ পানীৰ পৰা সাতুঁৰি পাৰ হৈ নিজ জীৱন ৰক্ষা কৰিব পাৰে ।

ইয়াৰোপৰি,ৰছীৰ সহায়ত সৰু ল'ৰা এটাৰ জীৱন ৰক্ষা কৰি নিজ কান্ধত উঠাই অন্য সুৰক্ষিত স্থান পোৱাইগৈ লগতে মহিলা আৰু পুৰুষ কেইজন মানৰো জীৱন ৰক্ষা কৰে । পিছলৈ উদ্ধাৰকাৰী দল মাতি পঠিউৱা হৈ যদিও তেওঁ অকলে নিজৰ কথা নাভাবি বহু লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

১৫জন লোকৰ জীৱন ৰক্ষা কৰা ২৮বছৰীয়া মহিলা কনষ্টবল গৰাকীক সকলোৱে প্ৰশংসাৰ কগতে আশীৰ্বাদ প্ৰদান কৰিছে ।কিন্তু দত্তাবাড়ী আৰক্ষী চকীৰ আৰক্ষী সকলে মত প্ৰকাশ কৰিছে যে,নীলমে হৈছে আটাইতকৈ সাহসী মহিলা আৰক্ষী। নিজৰ জীৱনৰ কথা চিন্তা নকৰি যিদৰে তেওঁ ইমান বোৰ লোকৰ জীৱন ৰক্ষা কৰিছে সচাঁই এই কথা প্ৰশংসনীয় ।

Next Story
চাকৰি