নিতিশ কুমাৰৰ লগতে আন মিত্ৰদলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন পত্ৰ দাখিল কৰাত সংগ দিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বাৰানসী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব । মনোনয়ন পত্ৰ দাখিল কৰোতে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে সংগ দিব ।
প্ৰাক্তন পাঞ্জাবৰ মুখ্যমন্ত্ৰী প্ৰকাশ সিঙ বাদল, লোক জনশক্তি দলৰ নেতা ৰাম বিলাস পাছোৱান আৰু শিৱ সেনা মুৰব্বী উদ্ধব থাকেৰিৰ লগতে বহুতো কেন্দ্ৰীয় নেতাই অংশগ্ৰহন কৰিব ।
কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ , পিয়োয গোৱেল, জগত প্ৰকাশ নান্দা আৰু নিতিন গাডকাৰীয়ও উপস্থিত থকাৰ সম্ভাৱনা আছে । ২০১৪ চনত মোদীয়ে ৩ লাখ ভোটৰ ব্যবধানত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী অৰবিন্দ কেজৰিয়ালক পৰাজিত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ৰায়ে প্ৰতিদন্দ্বিতা কৰিব । পুৰ্বতে বাৰানসীৰ পৰা কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদন্দ্বিতা কৰা সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছিল ।
আজি সন্ধিয়া ধাশ্বামেধ ঘাটত পুজা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব । লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰবিত্ৰ চহৰ খনৰ মাজেদি এক ৰোডশ্বত অংশগ্ৰহন কৰিব । তাৰ পাছতে স্থানীয় বুদ্ধিজীৱী সকলৰ কথোপকথনত মিলিত হব । বাৰানসীত ১৯ মেত অনুষ্ঠিত হব ভোট গ্ৰহণ । দেশৰ ৭ টা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ ২৩ মেত ফলাফল ঘোষণা কৰা হব|
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি