নিযুক্ত হ’ল দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা

নিযুক্ত হ’ল দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা
Published on

দেশৰ নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি হ’ল বিত্ত বিভাগৰ সহযোগী অধ্যাপক তথা কাৰ্যবাহী সঞ্চালক কৃষ্ণমূৰ্তি সুব্ৰমনিয়াম ৷ নৱ নিযুক্ত বিত্ত বিভাগ তথা কাৰ্যবাহী সঞ্চালক কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামৰ কাৰ্যকাল হ’ব তিনিবছৰ।

ইফালে সুব্ৰমনিয়াম ছিকাগো বিশ্ববিদ্যালয়ৰ বুথ বিজনেছ স্কুলৰ ডক্টৰেট৷ লগতে নৱ নিযুক্ত মুখ্য অৰ্থনৈতিক বিষয়া সুব্ৰমণিয়াম হ’ল আই আই টি কানপুৰ আৰু আই আই এম কলিকতাৰ শীৰ্ষ বেংকিং প্ৰাপ্ত ছাত্ৰ৷

আনহাতে,অৰ্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্ৰমনিয়ামে দায়িত্ব এৰাৰ পিছত তেওঁৰ স্থলাভিষিক্ত কৰাৰ বাবে এজন বিশিষ্ট অৰ্থনীতি বিদৰ সন্ধান কৰিছিল ৷ সম্প্ৰতি,দেশৰ নতুন অৰ্থনীতি উপদেষ্টা হিচাপে কৃষ্ণমূৰ্তি সুব্ৰমনিয়ামক নিযুক্তি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com