Begin typing your search above and press return to search.

নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 8:46 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত ৰাজ্যখনৰ জনসাধাৰণে দেখুওৱা সমৰ্থনৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে কয় যে দেশবাসীয়ে প্ৰধান মন্ত্ৰী মোডীৰ মাজত দেশক সুৰক্ষিত কৰি ৰখাৰ এজন আদৰ্শবাদী নেতা বিচাৰি পাইছে ৷

"সবকা সাথ সবকা বিকাশৰ" শ্ল’গানেৰে প্ৰধানমন্ত্ৰী মোডীয়ে সততা আৰু কঠোৰ পৰিশ্ৰমেৰে ভাৰতীয়সকলৰ মনত দেশভক্তিৰ ভাব পুনৰ জাগ্ৰত কৰিছে ৷ আৰু ভাৰতক এখন দুৰ্নীতি মুক্ত এখন দেশ হিছাপে গঢ়াৰ দিশেৰে আগবঢ়াই নিছে ৷প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰিছে ৷ যাৰ দ্বাৰা দেশত শান্তি-সমৃদ্ধি বৃদ্ধি পাইছে ৷

সম্প্ৰতি অৰ্থনৈতিক ক্ষেত্ৰটো দেশ বিকাশৰ পথত আগবাঢ়িছে ৷ উত্তৰ পূবলৈ প্ৰধানমন্ত্ৰী মোডীৰ অৱদানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে মোডীয়ে উত্তৰ পূবক বিকাশৰ পথত আগবঢ়াই নিছে ৷ লগতে সোনোৱালে কয় যে উত্তৰ পূবক কংগ্ৰেছে উপেক্ষিত কৰিছিল ৷কিন্তু এন ডি এই উত্তৰ পূবক বিকাশৰ পথত আগবঢ়াই নিছে ৷

উল্লেখযোগ্য যে মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনত জয় লাভ কৰাৰ কাৰণে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি