নিৰ্বাচন আহিছে দললৈ মানুহ আহিছে

মঙ্গলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত ২০০৬ চনত ৰঙাপাৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাই আজি কংগ্ৰেছ দলত যোগদান কৰে। লগতে তেওঁ ২০১১ চনলৈকে বিজেপি দলৰ পৰা বিধায়ক পদত অধিষ্ঠিত আছিল।
উল্লেখ্য যে, কিছুদিন পূৰ্বলৈকে অভিজিৎ হাজৰিকা অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছিল। লগতে তেওঁ ২০১৫ চনত অগপ দলত যোগদান কৰিছিল।
পঞ্চায়ত তথা লোকসভা নিৰ্বাচনৰ পূৰ্বে হাজৰিকাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
প্ৰাক্তন বিজেপি বিধায়কগৰাকীক দলৰ মজিয়ালৈ আদৰণি জনায় ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু দলৰ জ্যেষ্ঠ নেতৃবৰ্গই।
কংগ্ৰেছত যোগদান কৰি হাজৰিকাই নিজৰ ভাষণ প্ৰসংগত কয় যে বিজেপি দলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে তথা বিজেপিৰ কথা আৰু কাৰ্য্যৰ মাজত থকা পাৰ্থক্য ৰাইজে বুজি পাইছে।
তেওঁ লগতে বিজেপি দলক কটাক্ষ কৰি কয় যে বিজেপি দল শাসনত থাকিলে অসমৰ সমাজ ব্যৱস্থাটো ভৱিষ্যতে ধ্বংস কৰি পেলাব।
আনহাতে, দলৰ মজিয়ালৈ প্ৰাক্তন বিজেপি বিধায়কগৰাকীক আদৰণি জনাই উৎফুল্লিত হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।
‘বিজেপিৰ বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰিব। ইতিমধ্যে বহু বিজেপি নেতাই আমাৰ সৈতে যোগাযোগ কৰিছে।‘ এইদৰে কয় ৰিপুন বৰাই। আনহাতে, আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসন লাভ কৰিব বুলিও বৰাই সংবাদ মাধ্যমৰ আগত দাবী জনায়।
লক্ষণীয় কথা যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ নেতাই কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰাৰ্থীক মনোনয়ন দাখিল কৰাত বাধা আৰোপ কৰা বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ তোলে সভাপতি ৰিপুন বৰাই। তেওঁ কয় ‘বিজেপিয়ে চলে বলে কৌশলে কংগ্ৰেছ দলক প্ৰতিহত কৰিব বিচাৰিছে। বাহু বহল, ধন বল, ভীতি প্ৰদৰ্শন কৰিছে বিজেপিয়ে।‘
ইয়াৰোপৰি তেওঁ বিভিন্ন ঠাইত কংগ্ৰেছী নেতাক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা প্ৰাৰ্থীসমূহক ভাবুকি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় ‘জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শৰাইঘাট পঞ্চায়তত কংগ্ৰেছৰ সভাপতি পদৰ দুগৰাকী প্ৰাৰ্থীক কালি জালুকবাৰী সমষ্টিৰ বিজেপি নেতাই অপহৰণ কৰি নি তেওঁলোকৰ পৰা বলপূৰ্বকভাৱে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি চহী কৰাই লৈছে।‘
চতিয়া বিধান সভা সমষ্টিত চাহ বাগানৰ পঞ্চায়তৰ সদস্য পদৰ এগৰাকী মহিলা প্ৰাৰ্থীকো মনোনয়ন দাখিল বাধা প্ৰদান কৰা বুলি অভিযোগ তোলে বৰাই।
সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, জেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন, বসন্ত দাস আৰু প্ৰদ্যুত বৰদলৈ উপস্থিত থাকে।