Begin typing your search above and press return to search.

নিৰ্বাচন আয়োগৰ বিশেষ দৃষ্টি থাকিব আপোনাৰ একাউন্টত

নিৰ্বাচন আয়োগৰ বিশেষ দৃষ্টি থাকিব আপোনাৰ একাউন্টত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 6:50 AM GMT

সাধাৰণ নিৰ্বাচনৰ কাৰণে অধিসূচনা জাৰি হোৱাৰ লগতে নিৰ্বাচন আয়োগে বেংকৰ পৰা নগদ ধন উলিওৱা আৰু আন একাউন্টলৈ ধন দিয়াৰ ওপৰত দৃষ্টি ৰাখিব ৷ শুক্ৰবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ লগত হোৱা এক সাক্ষাৎকাৰত ৰাজ্যৰ মুখ্য নিৰ্বাচন অধিকাৰী এমচি সাহুৱে কয় যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বেংকৰ পৰা নগদ টকা উলিওৱা অথবা নগদ টকা আন এটা একাউন্টত জমা ৰখাৰ ক্ষেত্ৰত নজৰ ৰখা হ’ব ৷এইয়া সম্ভৱ হ’ব নিৰ্বাচনৰ এটা ক’ডৰ জৰিয়তে ৷ ইয়াৰোপৰি আমি বিভিন্ন বিষয়ৰ ওপৰত নজৰ ৰাখিম ৷ আমি ইতিমধ্যে আয়কৰ,বিমান, ৰেল বিভাগ,আবকাৰী বিভাগৰ লগতো আলোচনা কৰিছোঁ। যদি নিৰ্বাচন ক’ডৰ অধীনত কোনো ব্যক্তি দোষী সাব্যস্ত হয় তেন্তে সেই ক্ষেত্ৰত আমি আইন অনুসৰিহে আগবাঢ়িম ৷

নিৰ্বাচন আয়োগৰ সকলো নিৰ্দেশৰ প্ৰসংগৰ কথা উত্থাপন কৰি এমচি চাহুৱে কয় যে প্ৰত্যেক বিধানসভা ক্ষেত্ৰত দুটা বা তিনিটা নিৰীক্ষণকাৰী দল আছে৷ইয়াৰোপৰি মোবাইল নিৰীক্ষণকাৰী দল আৰু ভিডিঅ’ নিৰীক্ষণকাৰী দলেও নিৰ্বাচনৰ ক্ষেত্ৰত হ’ব পৰা অথবা নিৰ্বাচনৰ নিয়ম উলংঘনকাৰীৰ ওপৰত দৃষ্টি ৰাখিব ৷ ইয়াৰ উপৰিও সাধাৰণ মানুহেও এই ক্ষেত্ৰত নিজৰ অভিযোগ দাখিল কৰিব পাৰিব ৷ইফালে নিৰ্বাচনৰ সময়ত অধিক সুৰক্ষা কৰ্মীৰ আৱশ্যক হ’ব লগা প্ৰসংগত এমচি চাহুৱে কয় যে আমাৰ আৰু অধিক সুৰক্ষা কৰ্মীৰ আৱশ্যক ৷কিন্তু এই সন্দৰ্ভত আমি সম্প্ৰতি বিশেষ তথ্য জ্ঞাত নহয় ৷

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ওচৰত সুৰক্ষা কৰ্মীৰ সন্দৰ্ভত আলোচনা কৰিছো ৷ সংবেদনশীল ঠাইসমূহ চিনাক্ত কৰি, সেইসমূহ ঠাইত বিশেষ দৃষ্টি থাকিব৷ অন্যহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সম্প্ৰতি নিয়োজিত হৈ থকা বিষয়াসমূহক নিৰ্বাচন স্থলীত কৰ্তব্য দিয়াৰ প্ৰসংগত এমচি সাহুয়ে কয় যে,ইচিআইয়ে ইতিমধ্যে এনেধৰণৰ কৰ্মী সকলক নিৰ্বাচন কৰ্তব্যৰ পৰা অব্যাহতি দিছে ৷গতিকে, সকলো বিভাগৰ কাৰণে ইচিআইৰ নিৰ্দেশ অনুসৰিহে কাম কৰা হ’ব।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি