Begin typing your search above and press return to search.

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সাক্ষাৎ

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সাক্ষাৎ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2019 12:52 PM GMT

ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বাৰ্থামানক সাক্ষাৎ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ। বায়ুসেনাৰ বিষয়াগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে পাকিস্তানে ভাৰতৰ হাতত গতাই দিছিল অভিনন্দনক। অভিনন্দন বাৰ্থামানৰ বৰ্তমান দিল্লীৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা চলি আছে । সম্ভৱতঃ দেওবাৰলৈকে অভিনন্দন বাৰ্থামানৰ স্বাস্থ্য পৰীক্ষা চলিব । স্বাস্থ্য পৰীক্ষা শেষ হোৱাৰ পাছত প্ৰশ্ন উত্তৰ চেচন আৰম্ভ হব।

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানৰ পদক্ষেপকলৈ সমগ্ৰ দেশবাসীয়ে গৌৰব অনুভব কৰিছে বুলি প্ৰকাশ কৰিছে । বায়ু সেনা বিষয়া গৰাকীয়ে পাকিস্তানত থকা ৬০ ঘন্টাৰ সবিশেষ বিবৰি কয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনক । শুকুৰবাৰে আট্টাৰি- ৱাঘা সীমান্তত বহু সময়ত আনুষ্ঠানিকতা কৰাৰ পাছত অভিনন্দন বাৰ্থামানে ভাৰতৰ ভূমিত প্ৰবেশ কৰে । আজি অভিনন্দন বাৰ্থামানে পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ লগতে ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে সাক্ষাৎ কৰে ।

Next Story
চাকৰি