নিৱনুৱা যুৱক-যুৱতীক ব্যৱসায়ত সহায় কৰিব আছুৱে

অসমৰ ব্যৱসায়ীক সহযোগিতাৰে সদৌ অসম ছাত্ৰ সন্থাই আওপকীয়াকৈ জড়িত হৈছে ব্যৱসায়ীত । জাতীয় জীৱনৰ অৰ্থনীতিক ভেঁটি সুৰক্ষিত কৰাৰ লক্ষ্যৰে ব্যৱসায়ত নামিবলৈ সাঁজু হৈছে আছু।শিক্ষিত নিবনুৱাৰ স্বাৱলম্বীতাৰ বাট প্ৰশষ্টৰ লক্ষ্যৰে আৰম্ভতে কণী উৎপাদনৰ বৃহৎ প্ৰকল্পৰ হাতত লৈছে।ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সাঁজপাৰক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ বাবে অৰ্থনৈতিক আঁচনিৰে এই নতুন চিন্তাত সংযোগ কৰিছে ৰাজ্যৰ প্ৰভাৱশালী ছাত্ৰ সংগঠনটোৱে।ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত আৰম্ভ কৰা হৈছে অন্যান্য বিভিন্ন প্ৰকল্পও।ৰাজ্যৰ কেইবাটাও থলুৱা এন্টাৰপ্ৰেনিঅ'ৰশ্বিপৰ সহযোগিতাৰে আছুৰ এই অৰ্থনৈতিক প্ৰকল্পৰ বিষয়ে ডিব্ৰুগড়ত সংবাদমেল পাতি অবগত কৰিছে।ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা সংবাদমেলত বহিৰাগত বৃহৎ পুজিপতিক ৰঙাদলীচা পৰা দালাল গোষ্ঠীক দিয়ে তীব্ৰ সকীয়নী। বহিৰাগত বনিক গোষ্ঠীৰ ৰাজ্যত আগ্ৰাসনৰ সময়তে ব্যতিক্ৰমী ৰূপত আত্মপ্ৰকাশ কৰা সদৌ অসম ছাত্ৰ সন্থাই লগতে থলুৱা উদ্যোগী সকলক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰকাৰী সকলক ভৱিষ্যতে তীক্ষ্ণ নজৰ ৰাখিব বুলি সকীযাই দিয়ে । ১০০০ পৰা ১৫০০ কোটি টকা পুজী কণী বাহিৰৰ পৰা অহা প্ৰশংগ উৎথাপন কৰি মৎস্য,দুগ্ধ, উৎপাদনৰ ক্ষেত্ৰত অসম পিজপৰা যদিও ৰাজ্য চৰকাৰে খিলঞ্জীয়া নিৱনুৱা যুৱক-যুৱতী প্ৰতি কেতিয়াও সুনিৰ্পুন পৰিকল্পনা গ্ৰহণ নকৰে।অসম চৰকাৰে অদুৰদৰ্শীতাৰ বাবে খিলঞ্জীয়া নিৱনুৱা যুবক যুবতীৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নোহোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।সংবাদমেলত আছুৰ সহযোগত ইতিমধ্যে ব্যৱসায় কৰা প্ৰসেনজিৎ মৰাণ, দিলীপ চেতিয়া, পুতুল সোনোৱাল, ধন ছেত্ৰী, আকাশ জ্যোতি গগৈ কে ধৰি আন আন সকল উপস্থিত থাকে।