Begin typing your search above and press return to search.

নুমলীগড়ত যুৱকৰ সলিল সমাধি

নুমলীগড়ত যুৱকৰ সলিল সমাধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2018 6:03 AM GMT

গোলাঘাট জিলাৰ নুমলীগড়ৰ দৈগ্ৰোঙৰ এজন উদীয়মান যুৱকৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে । যুৱক জনৰ নাম বলীন দুৱৰা বুলি জানিব পৰা গৈছে । মৃত যুৱক জনৰ বয়স প্ৰায় ৩৫ বছৰ হব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । জানিব পৰা মতে বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত ঘৰৰকাষৰ পূখুৰী এটাত গা ধুবলৈ যাওঁতে পানীত পৰি অতি কৰুণ ভাৱে অকাল মৃত্যুক সাৱটি লব লগা হয় । মৃতদেহটো ঘৰলৈ অনা সময়ত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । বলীন দুৱৰা এজন সুদক্ষ ভলীবল খেলুৱৈ আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । মৃত্যুৰ সময়ত যুৱকজনে দুই সন্তান সহ পত্নীক ইহসংসাৰত এৰি থৈ যায়। খেলুৱৈ গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে ।

Next Story