Begin typing your search above and press return to search.

নুমলীগড়ত হাতী মানুহৰ সংঘাতৰ প্ৰতিকাৰৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন

নুমলীগড়ত হাতী মানুহৰ সংঘাতৰ প্ৰতিকাৰৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2018 6:28 AM GMT

জনসংখ্যা বৃদ্ধিৰ লগে লগে বনাঞ্চলৰ পৰিমাণ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছে । যাৰ পৰিণতিত বন্য জীৱ জন্তুৰ বাসস্থানৰ অভাৱ হবলৈ ধৰিছে। সেয়ে হাতী মানুহৰ সংঘাতো দিনক দিনে বৃদ্ধি পাই আহিছে। কৰবাত যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু, কৰবাত আকৌ মানুহৰ আক্ৰমণত হাতীৰ প্ৰাণনাশ। আনহাতে গোলাঘাট বন সংমণ্ডলৰ সহযোগত হাতী মানুহৰ সংঘাত আৰু প্ৰতিকাৰৰ উদ্দেশ্যে ডব্লিউ ডব্লিউ এফ নামৰ এটি বে-চৰকাৰী সংগঠনে জিলাখনৰ বন্যহস্তী অধ্যুষিত অঞ্চল সমূহত বাটৰ নাট প্ৰদৰ্শন জৰিয়তে ৰাইজ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ এক উদ্যোগ লৈছে । এই উদ্দেশ্যেৰে আজি মুৰফুলনি অঞ্চলৰ বালিজান শংকৰজ্যোতি হাইস্কুলৰ খেলপথাৰত আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰে। বিদ্যালয়খনৰ তিনিশতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, স্থানীয় ৰাইজ উপভোগ কৰা নাটখনৰ নাট্যদলটোৰ লগত গোলাঘাট জিলাৰ বন বিষয়া গৰাকীও উপস্থিত থাকে ।

Next Story
চাকৰি